NORTHEAST NOW (Assamese)
Popular Stories

টেলিকম কোম্পানী ভোডাফোন আইডিয়াৰ শ্বেয়াৰ ক্ৰয় কৰিব ভাৰত চৰকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 11, 2022 3:58 pm
Vodafone Idea

দেশৰ টেলিকম ক্ষেত্ৰখনৰ বাবে এটা বৃহৎ খবৰ। ভোডোফোন আইডিয়াৰ এটা বৃহৎ অংশ শ্বেয়াৰ ক্ৰয় কৰিবলৈ ওলাইছে ভাৰত চৰকাৰে।

দেশৰ অন্যতম বৃহৎ টেলিকম কোম্পানীটোৱে এই কথা সদৰী কৰিছ। এই শ্বেয়াৰৰ পৰিমাণ ৩৫.৮ শতাংশ হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য ব্ৰিটিছ টেলিকম সংস্থা ভোডাফোন আৰু ভাৰতীয় সংস্থা আদত্যি বিৰলাৰ আইডিয়া গ্ৰুপ লগ হৈ ভোডাফোন আইডিয়া গঠিত হৈছিল। ২০১৭ চনত একলগ হোৱা কোম্পানী দুটাৰ শ্বেয়াৰ আছে ইয়াত।

এতিয়া ভাৰত চৰকাৰে বৃহৎ পৰিমাণৰ শ্বেয়াৰ ক্ৰয় কৰাৰ পাছত কোম্পানী দুটাৰ শ্বেয়াৰৰ পৰিমাণ এনেধৰণৰ হ’ব- ভোডাফোনৰ থাকিব ২৮.৫ শতাংশ আৰু আইডিয়া গ্ৰুপৰ থাকিব ১৭.৮ শতাংশ।

বাকীখিনি শ্বেয়াৰ থাকিব অন্যান্য শ্বেয়াৰ হোল্ডাৰসকলৰ হাতত। বৰ্তমানলৈকে কোম্পানী দুটাৰ শ্বেয়াৰৰ পৰিমাণ এনেধৰণৰ- ভোডাফোনৰ ৪৪.৩৯ শতাংশ আৰু আইডিয়া গ্ৰুপৰ ২৭.৬৬ শতাংশ।

কিন্তু কিয় চৰকাৰে ক্ৰয় কৰিবলৈ উলাইছে ভোডাফোন আইডিয়াৰ শ্বেয়াৰ? ইয়াৰ কাৰণ হৈছে ভাৰত চৰকাৰক ভোডাফোন আইডিয়াই ৫০ হেজাৰ কোটি টকাৰ ৰাজহ পৰিশোধ কৰিবলৈ আছে।

সেয়ে কোম্পানীটোৱে সিদ্ধান্ত লয় যে চৰকাৰক দিব লগা টকাখিনি শ্বেয়াৰলৈ পৰিণত কৰা হওক। অৰ্থাৎ ভাৰত চৰকাৰক এই বৃহৎ পৰিমাণৰ শ্বেয়াৰ হোল্ডাৰ হিচাপে ৰখা হ’ব।

আনহাতে, ভোডাফোন আইডিয়াৰ উপৰিও দেশৰ আন এটা টেলিকম কোম্পানী হৈছে ভাৰতী এয়াৰটেল। ভাৰতী এয়াৰটেলৰো চৰকাৰক টকা পৰিশোধ কৰিবলৈ বাকী আছে।

অৱশ্যে ভাৰতী এয়াৰটেল কোম্পানীয়ে ভোডাফোন আইডিয়াৰ দৰে কোনো সিদ্ধান্ত লোৱা নাই।