NORTHEAST NOW (Assamese)

‘দাড়ি নহয়, কৰ্মসংস্থাপন বঢ়াওক’, প্ৰধানমন্ত্ৰীক দাড়ি কটোৱাৰ বাবে ১০০ টকা পঠিয়ালে এজন লোকে, কোনে?

June 10, 2021 7:40 pm · এন ই নাও নিউজ

প্ৰধানমন্ত্ৰীৰ দীঘল দাড়িয়ে এতিয়া সকলোৰে দৃষ্ট আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ লকডাউনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্বতকৈ বেছি দীঘলকৈ দাড়ি ৰাখিবলৈ আৰম্ভ কৰিলে।

যিকি নহওঁক প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ দীঘল দাড়ি কটোৱাবলৈ পৰামৰ্শ দিছে এজন লোকে। লোকজনে আনকি প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ দাড়ি কটোৱাবলৈ ১০০ টকা মানি অৰ্ডাৰ কৰিও পঠিয়াইছে।

ইয়াৰ লগতে মোদীক উদ্দেশ্যি লোকজনে এটা বিশেষ বাৰ্তাও প্ৰেৰণ কৰিছে।

মহাৰাষ্ট্ৰৰ বাৰামাটিৰ বাসিন্দা অনিল মোৰে নামৰ চাহ বিক্ৰেতা জনে মোদীক দাড়ি কটোৱাবলৈ ১০০ টকা মানি অৰ্ডাৰ কৰি পঠিয়াইছে।

বাৰামাটিৰ ইন্দ্ৰপুৰ ৰোডত এখন সাধাৰম চাহৰ দোকান দি পৰিয়াল পোহপাল দিয়া অনিল মোৰেই কয় যে প্ৰধানমন্ত্ৰীক অপমান কৰাৰ উদ্দেশ্য তেওঁ তেনে কৰা নাই।

প্ৰধানমন্ত্ৰীয়ে যদি কিবা বঢ়াবই বিচাৰিছে তেন্তে তেওঁ দাড়ি বঢ়োৱাৰ সলনি দেশত কৰ্মসংস্থাপন বৃদ্ধি কৰক।

ইয়াৰ লগতে তেওঁ মোদীক দেশত ভেকচিন প্ৰদানৰ মাত্ৰা বঢ়াবলৈও আহ্বান জনায়। লকডাউনৰ ফলত দেশৰ সৰ্বস্বান্ত হোৱা দুখীয়া লোকসকলক সকাহ দিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও তেওঁ মোদীক আহ্বান জনায়।

Related News