NORTHEAST NOW (Assamese)

কৰ্তব্যৰত অৱস্থাতে চাহ শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি কাছাৰৰ চণ্ডিঘাট চাহ বাগিচাত তীব্ৰ উত্তেজনা

February 18, 2021 8:12 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বৃহস্পতিবাৰে পুৱা কাছাৰ জিলাৰ চণ্ডিঘাট চাহ বাগিচাত কৰ্মৰত অৱস্থাত এগৰাকী চাহ শ্ৰমিকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি বাগিচাখনত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে, চণ্ডিঘাট চাহ বাগিচাত কৰ্মৰত অৱস্থাতে বিমল তাঁতি নামৰ চাহ শ্ৰমিক গৰাকী অসুস্থ হৈ পৰে।

অসুস্থ শ্ৰমিক গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।

বিমল তাঁতিৰ মৃত্যুৰ পাছতে চাহ বাগিচাখনৰ শ্ৰমিক সকলৰ মাজত উত্তেজনাই বিৰাজ কৰে। উত্তেজিত শ্ৰমিক সকলে উপযুক্ত চিকিৎসাৰ অভাৱতে বিমল তাঁতিৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে।

বৃহস্পতিবাৰে পুৱাৰে পৰা বাগিচাৰ শ্ৰমিক সকলে বাগিচাৰ কাম-কাজ বন্ধ ৰাখি বাগিচাৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী শ্ৰমিক সকলে বাগিচা কৰ্তৃপক্ষক বিমল তাঁতিৰ পৰিয়ালক উপযুক্ত সাহায্য প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে বাগিচাত চিকিৎসকৰ উপস্থিতি নিশ্চিত কৰিবলৈয়ো কৰ্তৃপক্ষক আহ্বান জনায়।

Related News