NORTHEAST NOW (Assamese)

পৰীক্ষাৰ আগতেই ফাদিল হৈছিল নেকি ADRE ৰ প্ৰশ্নকাকত? কোনে কৰিছিল ফাদিল?

September 17, 2024 1:07 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

দেওবাৰে (১৫ ছেপ্টেম্বৰ, ২০২৪) অনুষ্ঠিত হৈ যায় অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথমটো পৰীক্ষা। কিন্তু এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ ঠিক এদিন পিছতেই অৰ্থাৎ সোমবাৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে পৰীক্ষাৰ প্ৰশ্নকাকতখন।

উল্লেখ্য যে উক্ত পৰীক্ষাৰ নিয়ম অনুসৰি কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষা হলৰ প্ৰশ্নকাকতখন ঘৰলৈ আনিব নোৱাৰে। পৰীক্ষা দি হোৱাৰ লগে লগে উত্তৰ বহীৰ লগতে প্ৰশ্নকাকত খনো নিৰীক্ষকৰ হাতত জমা দিব লাগে। ইয়াৰ উপৰিও মোবাইলকে ধৰি কোনো ইলেক্ট্ৰিকেল সামগ্ৰী পৰীক্ষা কেন্দ্ৰলৈ নিব নোৱাৰে। তেনেস্থলত পৰীক্ষা প্ৰশ্নকাকত ভাইৰেল হোৱাক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সূচনা হয়।

পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পিছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। সোমবাৰে আৰক্ষীয়ে প্ৰশ্নকাকত ভাইৰেল কৰাৰ সন্দেহত ধেমাজি জিলাৰ এগৰাকী বিদ্যালয় শিক্ষকক গ্ৰেপ্তাৰ কৰে।

ধেমাজিৰ ছিমেন চাপৰিৰ পৰা গ্ৰেপ্তাৰ হোৱা শিক্ষক মংগল সিং বসুমতাৰী নামৰ শিক্ষকগৰাকী অঞ্চলটোৰ উপেন্দ্ৰ নেচনেল একাডেমীৰ এটা পৰীক্ষা কেন্দ্ৰত ভিডিঅ’গ্ৰাফাৰ হিচাপে কৰ্মৰত আছিল। তেৱেঁই এই ৯৪ পৃষ্ঠাৰ প্ৰশ্নকাকত খন ফটো তুলি  ভাইৰেল কৰা বুলি অভিযোগ উত্থাপন হৈছে।

দেওবাৰে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ তৃতীয় শ্ৰেণীৰ পদৰ বাবে লিখিত পৰীক্ষাত অৱতীৰ্ণ হয় ১১,২৩,২০৪ৰো অধিক পৰীক্ষাৰ্থীয়ে। সমগ্ৰ অসমৰ ২৩০৫টা কেন্দ্ৰত অনুষ্ঠিত হোৱা এই পৰীক্ষাত ৭০ হাজাৰৰো অধিক নীৰিক্ষকক নিয়োগ কৰা হৈছিল।

ইয়াৰ পিছতো কেনেকৈ প্ৰশ্নকাকত ভাইৰেল হ’ল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। লগতে পৰীক্ষা আগত নে পিছত প্ৰশ্নকাকত ভাইৰেল হৈছিল সেয়াও আন এক গুৰুতৰ সন্দেহৰ বিষয় হৈ পৰিছে।

Related News