NORTHEAST NOW (Assamese)

হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ খুন্দাত আহত নিযুক্তি বঞ্চিত মহিলা শিক্ষক প্ৰতিবাদকাৰী

January 30, 2021 2:56 pm · কল্পজ্যোতি শইকীয়া

হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ খুন্দাত আহত নিযুক্তি বঞ্চিত মহিলা শিক্ষক প্ৰতিবাদকাৰী।

আহত হয় দীপা পায়েং নামৰ নিযুক্তি তথা বেতন বঞ্চিত শিক্ষয়িত্ৰী গৰাকী।

খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ পাছে পাছে দৌৰি যোৱাত এই অঘটন সংঘটিত হয়।

আজি খানাপাৰাত ৪৫১১ গৰাকী মাধ্যমিক পৰ্য্যায়ৰ শিক্ষকক স্থায়ী নিযুক্তি বিতৰণিৰ অনুষ্ঠান আছিল। মুঠ ১২ হাজাৰ মাধ্যমিক পৰ্য্যায়ৰ শিক্ষকক নিযুক্তি দিয়াৰ কথা আছিল।

যাৰ বাবে অনুষ্ঠানৰ পূৰ্বে নিযুক্তি বঞ্চিত প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল।

অৱশ্যে পাছত আহত মহিলাগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে নিযুক্তি বঞ্চিত প্ৰতিবাদকাৰীসকলক নিযুক্তিৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে।

Related News