NORTHEAST NOW (Assamese)

ছাত্ৰ নেতাৰ উদ্ভণ্ডালি, ৰাজপথত সাষ্টাঙ্গে ক্ষমা প্ৰাৰ্থনা শিক্ষয়ত্ৰীৰ!

October 15, 2021 5:21 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 15, 2021 8:45 pm

ফিল’বাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাংগনত বুধবাৰে সংঘটিত হয় এক অনাকাংক্ষিত পৰিস্থিতিৰ৷

তথাকথিত ছাত্ৰ নেতাৰ প্ৰৰোচনাত একাংশ ছাত্ৰ-ছাত্ৰীয়ে আঠুকাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল বিদ্যালয়খনৰ শিক্ষয়িত্ৰী নিৰদা বৰাক।

এই ঘটনাক একমুখে ধিক্কাৰ দিছে সচেতন ৰাইজে। এগৰাকী শিক্ষয়িত্ৰীক এনেদৰে অপমান কৰা কাৰ্যক নিন্দা কৰিছে জনসাধাৰণে।

উল্লেখ্য যে, বিদ্যালয়খনৰ ছাত্ৰ একতা সভাই বুধবাৰে নামভৰ্তিৰ নামত বৰ্ধিত মাছুল সংগ্ৰহ কৰাৰ প্ৰতিবাদত বিদ্যালয়খনৰ চৌহদত বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিছিল।

উল্লেখযোগ্য যে, বৰ্ধিত মাছুল দিব নোৱাৰাৰ বাবেই অঞ্চলটোৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ আশংকাই দেখা দিয়াৰ অজুহাতত প্ৰতিবাদত ভাগ লৈছিল আছুৰ লগতে বহুকেইটা ছাত্ৰ-সংগঠনৰ নেতৃত্বই।

তথাকথিত ছাত্ৰ নেতা কেইজনে শিক্ষয়িত্ৰীগৰাকীৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত হৈ আঠুকাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰাইছিল।

ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে এগৰাকী শিক্ষয়িত্ৰীক এনেদৰে অপমান কৰা কাৰ্যত এতিয়া দুখ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই।

ইতিমধ্যে সংগঠনটোৱে তিনিচুকীয়া জিলাৰ ছাত্র সন্থাৰ উপ সভাপতি কৰ্ণ বুঢ়াগোঁহাইক ছাত্র সন্থাৰ পৰা বহিষ্কাৰ কৰিছে।

Related News