NORTHEAST NOW (Assamese)
অসম

চিকিৎসা কৰ্মীৰ পাছত ম্যানমাৰত সামৰিক চৰকাৰৰ বিৰদ্ধে শিক্ষকৰ অসহযোগ কাৰ্য্যসূচী ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 6, 2021 6:54 am

ম্যানমাৰৰ শেহতীয়া সামৰিক অভ্যুত্থানৰ প্ৰতিবাদত শুকুৰবাৰে দেশখনৰ শিক্ষক সকলে জন অসহযোগ কাৰ্য্যসূচী ঘোষণা কৰিছে।

জন অসহযোগ কাৰ্য্যসূচী ঘোষণা কৰি ম্যানমাৰৰ একাংশ শিক্ষকে তেওঁলোকে নতুন সামৰিক চৰকাৰৰ অধীনত কাম নকৰে বুলি মন্তব্য কৰে।

‘‘অগণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ পৰা ক্ষমতা কাঢ়ি অনা সামৰিক চৰকাৰ আমি নিবিচাৰো,’’ এগৰাকী প্ৰতিবাদী শিক্ষকে এনেদৰে কয়।

উল্লেখযোগ্য যে, শিক্ষক সকলৰ পূৰ্বে ম্যানমাৰৰ চিকিৎসা কৰ্মী সকলেও সামৰিক অভ্যুত্থানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অসহযোগ ঘোষণা কৰিছিল।

চিকিৎসা কৰ্মী সকলে হাতে হাতে ৰঙা ফিটা মাৰি সামৰিক চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কৰ্ম বিৰতি পালন কৰে।

কোভিডৰ সংক্ৰমণৰ সময়ত দেশখনৰ স্বাস্থ্য কৰ্মী সকলে চিকিৎসালয়ত কাম নকৰাৰো হুংকাৰ প্ৰদান কৰিছে।

আনহাতে, ৰাষ্ট্ৰসংঘৰ মজিয়াতো ম্যানমাৰৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা হয়।

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে শীঘ্ৰে বন্দী নেত্ৰী চ্যু কীক মুকলি কৰি দিয়াৰ বাবে ম্যানমাৰ সেনাক নিৰ্দেশ দিছে।