NORTHEAST NOW (Assamese)

ছাত্ৰ-ছাত্ৰীক চেণ্ডেল মেৰামতি কৰিবলৈ পঠোৱাৰ অভিযোগত শিক্ষকক বৰ্খাস্ত

December 4, 2019 11:53 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ, উৎস-ইণ্টাৰনেট

উত্তৰপ্ৰদেশৰ অযোধ্যৰ খাজুৰাহাট চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষকক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক পিন্ধি থকা চেণ্ডেল মেৰামতি কৰিব পঠোৱাৰ অভিযোগত বৰ্খাস্ত কৰা হয়।

ঘটনা সংক্ৰান্তত এগৰাকী শিক্ষা মিত্ৰকো নিলম্বনৰ নিৰ্দেশ দিয়ে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে।

এগৰাকী স্থানীয় সংবাদ দাতাই স্কুল বেগৰ সৈতে থকা ছাত্ৰ-ছাত্ৰীক দেখি সংগ্ৰহ কৰা বাতৰিত সমগ্ৰ ঘটনাটো পোহৰলৈ আহে।

সাংবাদিক গৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক কিয় বিদ্যালয়লৈ যোৱা নাই বুলি প্ৰশ্ন কৰোতে তেওঁলোকে বিদ্যালয়খনৰ শিক্ষ মিত্ৰ ৰজনী গুপ্তাই তেওঁলোকক চেণ্ডেল মেৰামতিৰ বাবে পঠাইছে বুলি উল্লেখ কৰে।

সাধাৰণ শিক্ষা বিষয়া সন্তোষ দেৱ পাণ্ডে ঘটনাটোৰ ভিডিঅ’ চাই ইয়াৰ লগত জড়িত থকা ৰজনি গুপ্তাক নিলম্বন কৰাৰ লগতে শিক্ষক ৰীনা গুপ্তাক বৰ্খাস্ত কৰে।

ঘটনা সন্দৰ্ভত এক তদন্ত ঘোষণা কৰা বুলিও জানিব পৰা গৈছে।

‘‘ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ পঢ়িবলৈ আহে এই ক্ষেত্ৰত যদিহে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীয়ে তেওঁলোকক অন্য কামত লগাই তেন্তে নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব,’’ শিক্ষা বিষয়াগৰাকীয়ে কয়।

বিভিন্ন চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়ৰ মজিয়া, প্ৰস্ৰাৱগাৰ আদিও পৰিস্কাৰ কৰিব দিয়া হয়।

Related News