NORTHEAST NOW (Assamese)

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ পাছতে এইবাৰ শিক্ষকলৈ বিশেষ ছুটী

January 5, 2022 7:38 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ পাছতে এইবাৰ শিক্ষকলৈ বিশেষ ছুটী।

পিতৃ-মাতৃৰ বন্দনাৰ উদ্দেশ্যে বিদ্যালয়ৰ শিক্ষক আৰু আন কৰ্মচাৰীসকলে ১২ আৰু ১৩ জানুৱাৰী তাৰিখে ছুটী লাভ কৰিব।

এক জাননী যোগে এই কথা জনাইছে শিক্ষা বিভাগৰ বিশেষ আয়ুক্ত প্ৰীতম শইকীয়াই।

তেওঁলোকে বিহুৰ বন্ধৰ লগত মিলাই এই ছুটী লাভ কৰিব বুলি জানিব পৰা গৈছে।

১৪ আৰু ১৫ জানুৱাৰীত লাভ কৰিব বিহুৰ বন্ধ।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ কৰ্মচাৰীসকলে ইতিমধ্যে লাভ কৰিছে ৬ আৰু ৭ জানুৱাৰীৰ অতিৰিক্ত নৈমিত্তিক ছুটী।

Related News