NORTHEAST NOW (Assamese)

ODI World Cup 2023: ফাইনেলৰ পিটচ কেনেকুৱা? ভালদৰে চাই ল’লে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই

November 18, 2023 8:09 am · এন ই নাও নিউজ, গুৱাহাটী

ৱানখেড়েৰ যুঁজত জয়লাভ কৰি আহমেদাবাদত উপস্থিত হয় ভাৰতীয় দলটো। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই শুকুৰবাৰে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ ২২ গজ পুংখানুপুংখভাৱে পৰীক্ষা কৰি চায়। কিয়নো নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত এতিয়া সমগ্ৰ দেশৰ চকু। এই বাইশ গজেই চূড়ান্ত যুদ্ধৰ ভাগ্য নিৰ্ণয় কৰিব। পিটছৰ চৰিত্ৰৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে।

সেইবাবেই ৰোহিত শৰ্মাই আহি পিটচ পৰীক্ষা কৰি চালে। ৰোহিত শৰ্মাই বাইশ গজ পৰীক্ষা কৰি পিটছৰ চৰিত্ৰ আৰু জটিলতা বুজিবলৈ চেষ্টা কৰে।ৰোহিতে দীৰ্ঘসময় ধৰি প্ৰশিক্ষক ৰাহুল দ্ৰাবিডৰ সৈতে পিটছৰ বিষয়ে আলোচনা কৰা দেখা যায়।

ভাৰত বনাম নিউজিলেণ্ডৰ ছেমিফাইনেলৰ পূৰ্বে কঁপি উঠিছিল ক্ৰিকেট সমাজ। মেইল অনলাইনৰ এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে আইচিচিৰ অনুমতি নোলোৱাকৈয়ে খেলখনৰ উইকেট সলনি কৰিছিল। ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে পুনৰ একে কাম কৰিব পাৰে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছিল।

ছেমি ফাইনেলৰ পূৰ্বে খেলপথাৰৰ বিতৰ্কই ক্ৰিকেট মহলত আঘাত হানিছিল। বিতৰ্ক শাম কটাবলৈ আইচিচিৰ উঠিপৰি  লাগে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট নিয়ন্ত্ৰণ  ব’ৰ্ডে কয় যে পিঠছক লৈ কোনো বিসংগতি নাই। নতুন পিটচ দিব লাগিব বুলি কোনো গাইডলাইন নাই।

এইবাৰ টুৰ্ণামেণ্টত ভাৰত যথেষ্ট ফৰ্মত আছে। একেৰাহে ১০খন মেচত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰিছে। কোনো প্ৰতিদ্বন্দ্বীয়ে টীম ইণ্ডিয়াৰ সন্মুখত থিয় দিব নোৱাৰিলে। ফাইনেলত অৱশ্যে নতুন যুঁজ হব। প্ৰত্যাহ্বানৰ সন্মুখীন হব নতুন মেচ। সমগ্ৰ দেশে এতিয়া ৰোহিত বাহিনীৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছে।

Related News