NORTHEAST NOW (Assamese)
অসম

 ব্লেকত বিক্ৰী হৈছে আই পি এলৰ টিকট বিক্ৰী : কলা বজাৰৰ লগত জড়িত আছে কিশোৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 19, 2024 6:19 pm

ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত হ’বলগীয়া আই পি এলৰ বহু প্ৰত্যাশিত খেলখনৰ বাবে অসমবাসীয়ে আগ্ৰহেৰে বাট চাই থকাৰ সময়তে পোহৰলৈ আহিছে টিকটৰ কলা বজাৰৰ খবৰ।

ক’লা বজাৰত আই পি এলৰ টিকট বিক্ৰী কৰি আৰক্ষীৰ জালত পৰিছে এজন কিশোৰ।

অভিযোগ অনুসৰি, ১৬০০ টকাৰ টিকট বিক্ৰী কৰিছিল ৩-৪০০০ টকাত, আনকি ৩৫০০ টকাৰ টিকট ১৭ হাজাৰ টকাত বিক্ৰী কৰিছিল কিশোৰজনে।

লগতে আই পি এলৰ টিকটৰ কলা বজাৰৰ লগত বুক মাই শ্ব’ৰ বিষয়াও জড়িত আছে বুলি অভিযোগ উত্থাপন হৈছে।

এই কলা বজাৰ বন্ধ কৰিবৰ বাবে দাবী জনাইছে ক্ৰিকেট অনুৰাগী সকলে। আৰক্ষীয়ে ইতিমধ্যে এই দাবী প্ৰতি সহাৰি জনাই তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।