NORTHEAST NOW (Assamese)
Popular Stories

বয়স মাত্ৰ ১৪! স্কুলত ক্ৰীড়া অনুশীলনৰ সময়ত দৌৰি থাকোঁতেই কিশোৰৰ কৰুণ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2024 3:52 pm

বিদ্যালয়ৰ ক্ৰীড়াৰ বাবে অনুশীলন কৰাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ এজন ১৪ বছৰীয়া কিশোৰৰ মৃত্যু হয়। ঘটনাটো উত্তৰ প্ৰদেশৰ আলিগড়ত সংঘটিত হৈছে।

বিদ্যালয়ৰ ক্ৰীড়া সপ্তাহৰ বাবে তেওঁ অনুশীলন কৰি আছিল। এই সময়ত তেওঁ সৈতে বন্ধু আছিল। শুক্ৰবাৰে দুটা ৰাউণ্ড দৌৰাৰ পিছত তেওঁ অসুস্থ অনুভৱ কৰিছিল।

তৎক্ষণাত বন্ধুসকলে মোহিতৰ ঘৰত খবৰ দিছিল আৰু তেওঁক চিকিৎসালয়লৈ লৈ গৈছিল। চিকিৎসালয়ত উপস্থিত হোৱাৰ পাছত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি, এই বছৰৰ আগষ্টমাহত এক পথ দুৰ্ঘটনাত লৰা দেউতাকৰ মৃত্যু হয়। পুনৰ এনে ঘটনাত পৰিয়ালটো স্বাভাৱিকতে ভাগি পৰিছে।

উল্লেখ্য যে, কেইদিনমান আগতে, আলিগড়ত দৌৰি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ এগৰাকী ২০ বছৰীয়া মহিলাৰ মৃত্যু হৈছিল। অধ্যয়ন অনুসৰি, এই দুটা মৃত্যুৰ উপৰিও, যোৱা ২৫ দিনত আৰু তিনিজন লোকৰ মৃত্যু হৈছে। ছেপ্টেম্বৰত লক্ষ্ণৌত খেলি থাকোতে এজন ৯ বছৰীয়া লৰাৰ মৃত্যু হয়।

দেশৰ এই যুৱক-যুৱতীসকলৰ মাজত হৃদআক্ৰমণৰ প্ৰৱণতা বৃদ্ধি হোৱাৰ বাবে চিকিৎসকসকল চিন্তিত।