NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না আক্ৰান্তৰ মৃতদেহ ট্ৰেক্টৰেৰে শ্মশানলৈ নিলে ডাক্টৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 13, 2020 7:11 pm

তেলেংগানাৰ পেড্ডাপল্লী জিলাৰ এখন চৰকাৰী চিকিৎসালয়ৰ এগৰাকী চিকিৎসকে ক’ৰ’নাৰ ফলত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ ট্ৰেক্টৰত ভৰাই শ্মশানলৈ লৈ যোৱা ঘটনাই তীব্ৰ চৰ্চা লাভ কৰিছে।

প্ৰকাশিত খবৰ অনুসৰি, চিকিৎসালয়ৰ পৰা লোকজনৰ মৃতদেহ শ্মশানলৈ নিয়াৰ ক্ষেত্ৰত নগৰ নিগমৰ ড্ৰাইভাৰ অমান্তি হোৱাত চিকিৎসকজনে নিজে ট্ৰেক্টৰ চলাই শ্মশানলৈ নিয়ে।

চিকিৎসকজনৰ নাম ডাঃ শ্ৰীৰাম। তেওঁ পেড্ডাপল্লী জিলাৰ নোডেল অফিচাৰ।

সম্পূৰ্ণ ৰীতি-নীতিৰে যাতে মৃত্যু হোৱা লোকজনৰ সৎকাৰ কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চিকিৎসক শ্ৰীৰামে পি পি ই কিট পৰিধান কৰি মৃতদেহটো শ্মশানলৈ লৈ যায়।

জানিব পৰা মতে, পেড্ডাপল্লীৰ চৰকাৰী চিকিৎসালয়ত দেওবাৰে পুৱা ৪৫ বছৰীয়া লোকজনৰ মৃত্যু হৈছিল।

ইয়াৰ পিছতে লোকজনৰ মৃতদেহ শ্মশানলৈ নিয়াৰ বাবে নগৰ নিগমক খবৰ দিয়া হয়। কিন্তু নগৰ নিগমে মৃতদেহ শ্মশানলৈ নিবলৈ অমান্তি হোৱাত বহু সময় ধৰি চিকিৎসালয়তে পৰি থাকে মৃতদেহ।

এই ঘটনা সন্দৰ্ভত ডাঃ শ্ৰীৰামে কয় যে জিলাৰ মেডিকেল বিষয়া হোৱা হেতুকে মৃতদেহ সঠিক ৰূপত সৎকাৰ হোৱাটো মোৰ দায়িত্ব।

শ্মশানঘাটলৈ ট্ৰেক্টৰ চলাই লৈ যোৱা প্ৰসংগত চিকিৎসক গৰাকীয়ে কয় যে মই ড্ৰাইভাৰ গৰাকীক বুজাব বিচাৰিছো যে ক’ৰ’না যুদ্ধত এয়া আমাৰ দায়িত্ব আৰু ইয়াক সঠিক ৰূপে পালন কৰাটো প্ৰয়োজনীয়।