NORTHEAST NOW (Assamese)
অসম

নেলচন মেণ্ডেলাৰ কন্যাৰ ৫৯ বছৰ বয়সত দেহাৱসান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 13, 2020 7:01 pm

দক্ষিণ আফ্ৰিকাৰ জাতিৰ পিতা তথা মহান নেতা নেলচন মেণ্ডেলাৰ জীয়ৰী জিণ্ডজি মেণ্ডেলাৰ সোমবাৰে দেহাৱসান ঘটে।

সোমবাৰে ৰাতিপুৱা দক্ষিণ আফ্ৰিকাৰ জোহানছবাৰ্গত ৫৯ বছৰ বয়সত নেলচন মেণ্ডেলাৰ জীয়ৰি জিণ্ডজিৰ মৃত্যু হয়।

জিণ্ডজিৰ মৃত্যুৰ বাতৰি দক্ষিণ আফ্ৰিকান সম্প্ৰচাৰ বিভাগে ৰাজহুৱা কৰে।

নেচলন মেণ্ডেলাৰ জিয়ৰী জিণ্ডজি মেণ্ডেলাই ২০১৫ বৰ্ষৰ পৰা ডেনমাৰ্কত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে কৰ্মৰত আছিল।

জিণ্ডজি মেণ্ডেলা নেলচন মেণ্ডেলাৰ ষষ্ঠ সন্তান।

জিণ্ডজি মেণ্ডেলাৰ মৃত্যুত সমগ্ৰ দক্ষিণ আফ্ৰিকাত শোকৰ ছাঁ পৰাৰ লগতে দক্ষিণ আফ্ৰিকাৰ জনসাধাৰণে প্ৰায়ত নেত্ৰী গৰাকীক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।

দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা সংগ্ৰামত নেলচন মেণ্ডেলাই গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল।

ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰধান ভূমিকা পালন কৰা মহাত্মা গান্ধীৰ সৈতেও নেলচন মেণ্ডেলাৰ সু-সম্পৰ্ক আছিল। নেলচন মেণ্ডেলা কলকাতালৈ অহাৰ সময়ত সুধাকণ্ঠ ভূপেন হাজৰিকাই জিন্দাবাদ মেণ্ডেলা শীৰ্ষক আদৰণি গানটো লিখিছিল।