NORTHEAST NOW (Assamese)
অসম

পাঠশালাৰ বান পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে : ছিঙা মথাউৰি বান্ধিবলৈ দিলে নিৰ্দেশ

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ July 13, 2020 6:55 pm
IMG-20200713-WA0018

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণী ভূষণ চৌধুৰীয়ে আজি পাঠশালা ভ্ৰমণ কৰি শেহতীয়া বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে নামনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চল কেতবোৰ পৰিদৰ্শন কৰি দুৰ্যোগৰ বুজ লয়।

তেওঁ গহিনপাৰাত মথাউৰীৰ ওপৰেৰে প্ৰায় দুশ মিটাৰ বোকা গচকি পহুমাৰা নৈয়ে চিঙি নিয়া মথাউৰী আৰু গড়কাপ্টানী পথচোৱা পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ লগতো বাৰ্তালাপ কৰে।

মন্ত্ৰী গৰাকীৰ এই ভ্ৰমণত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা অবণী হাজৰিকা,  মহকুমাধিপতি নয়নজ্যোতি ভাগৱতী, অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্ত্ৰা, কাৰ্যবাহী অভিযন্তা, গড়কাপ্তানী বিভাগৰ পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা আদি জেষ্ঠ বিষয়া সকলো উপস্থিত থাকে।

পিছত মন্ত্ৰী গৰাকীয়ে মহকুমাধিপতিৰ কাৰ্যালয়ত বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ছিঙি যোৱা মথাউৰীটোৰ মেৰামতি আৰু আধৰুৱা হৈ থকা কামবোৰ কাইলৈৰ পৰাই আৰম্ভ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

তদুপৰি ইতিমধ্যে পানীৰ সোঁত হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত গহিনপাৰাত ছিঙি যোৱা কৰ্দেগুৰি-পালহা গড়কাপ্তানি পথচোৱাৰ মেৰামতিৰ কামো অতি শীঘ্ৰে আৰম্ভ কৰাৰ বাবে তেওঁ নিৰ্দেশ দিয়ে।

মন্ত্ৰী গৰাকীয়ে বানপীড়িতৰ মাজত সাহাৰ্য সামগ্ৰী বিতৰণৰ অৱস্থাৰো বুজ লয়।

ক্ষতিগ্ৰস্ত বানপীড়িত কৃষকৰ মাজত কঠিয়া বিতৰণৰ ওপৰতো মন্ত্ৰী গৰাকীয়ে গুৰুত্ব আৰোপ কৰে আৰু এই সম্পৰ্কত উৰ্ধতন কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।