NORTHEAST NOW (Assamese)

কৰ’না ভাইৰাছ : বাঘৰ সংক্ৰমণৰ ঘটনাৰ পাছতেই ছাগলীক মাস্ক পিন্ধাইছে এজন ছাগলী পালকে

April 9, 2020 9:44 pm · এন ই নাও নিউজ
তেলেংগানাৰ ছাগলী পালকজনে তেওঁৰ ছাগলীকেইটাক পিন্ধাইছে মাস্ক।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰখাকে ধৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী।

বৰ্তমান চলি থকা লকডাউনৰ সময়ত নিজকে ঘৰত গৃহবন্দী ৰখাটোৱে মংগলজনক। অন্যথা বাহিৰত ওলাব লগীয়া হ’লেও মাস্ক পৰিধান কৰিহে বাহিৰলৈ যোৱাটো খুবেই প্ৰয়োজনীয়।

এইক্ষেত্ৰত মানুহে এইদৰে সাৱধানতা অৱলম্বন কৰিছে যদিও পশুবিলাকৰ ক্ষেত্ৰত সেয়া সম্ভৱ নহয়।

পশুৱে নিজৰ সাৱধানতা ল’ব নোৱাৰাৰ বাবেই নিউয়ৰ্কৰ চিৰিয়াখানাত এটা বাঘ কৰ’নাত আক্ৰান্ত হ’বলগীয়া হৈছে।

বাঘৰ এনে সংক্ৰমণৰ ঘটনাৰ পৰা শিক্ষা লৈ এজন ছাগলী পালকে মাৰাত্মক কৰ’না ভাইৰাছৰ পৰা সুৰক্ষা দিয়াৰ বাবে তেওঁৰ পোহনীয়া ছাগলীৰ মুখত মাস্ক পিন্ধালে।

তেলেংগানাৰ কাল্লুৰ মণ্ডলৰ বাসিন্দা ছাগলী পালক এ ভেংকটেশ্বৰ ৰাওৰ আছে ২০টা ছাগলী। লকডাউনৰ সময়ত মানুহ ঘৰত সোমাই থাকিলেও জন্তুবোৰক ৰখাটো কঠিন।

ঘাহ খুৱাবলৈ বাহিৰত চৰিবলৈ পঠাবই লগা হৈছে ছাগলীবোৰক। কিন্তু মাৰাত্মক ভাইৰাছৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ মাস্ক পিন্ধোৱাৰ বিকল্পও যে নাই।

সেয়ে, ভেংকটেশ্বৰ ৰাওৱে তেওঁৰ ঘৰৰ পোহনীয়া ছাগলীকেইটাক পিন্ধাইছে মাস্ক। বাহিৰত চৰাবলৈ নিয়াৰ সময়ত আৰু ঘাহ খুৱাই ঘৰত সোমোৱাৰ সময়ত নিয়ম অনুসৰি তেওঁ মাস্ক পিন্ধাই পিন্ধাই দিছে।

ভেংকটেশ্বৰ ৰাওৱে কয়,’’মই শুনিলো নিউয়ৰ্কৰ চিৰিয়াখানাত থকা এটা বাঘ কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰ পাছতে মোৰ ছাগলীকেইটাক লৈ মই চিন্তাত পৰি গ’লো। তাৰ পাছত মই সিদ্ধান্ত লও যে সিহঁতক মই মাস্ক পিন্ধাই দিম। সেইদৰে মই বজাৰৰ পৰা মাস্ক কিনি আনি সিহঁতক পিন্ধাবলৈ লও।প্ৰথমতে অলপ সমস্যা হৈছিল যদিও পাছলৈ বোধহয় সিহঁতেও বুজি পালে আৰু মাস্ক পিন্ধোৱাত কোনো বাধা নিদিয়া হ’ল।‘’

কৰ’না ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে মাস্ক পিন্ধা এই ছাগলীৰ বিষয়টোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।

Related News