NORTHEAST NOW (Assamese)

‘জনতাৰ গায়ক’ আৰু নাই: প্ৰখ্যাত বিপ্লৱী গীতিকাৰ, কবি গদ্দৰৰ দেহাৱসান

August 6, 2023 7:49 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 6, 2023 10:19 pm

‘জনতাৰ গায়ক’ আৰু নাই। জনসাধাৰণৰ বুকুত বিদ্ৰোহৰ স্পন্দন তুলি অজানা পথেৰে বাট বুলিলে গদ্দৰে। স্বাস্থ্যজনিত সমস্যাৰ সৈতে দীৰ্ঘদিনীয়া যুঁজৰ অন্তত আজি ৭৭ বছৰ বয়সত দেহাৱসান ঘটে গুম্মাদি ভিট্টাল ৰাও, জনতাৰ প্ৰিয় গদ্দৰৰ।

হায়দৰাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। আশীৰ দশকত আৰু পিছলৈ তেলেংগানাৰ ৰাজ্য গঠনৰ আন্দোলনৰ সময়ত বিপ্লৱী গীতেৰে জনতাৰ আপোন হৈ পৰিছিল তেলেংগানাৰ এই প্ৰখ্যাত লোকগায়ক গৰাকী।

হাওঁফাওঁ আৰু প্ৰস্ৰাৱৰ সমস্যাৰ বাবেই গদ্দৰৰ মৃত্যু হয় বুলি চিকিৎসালয় কৰ্তৃপক্ষই নিশ্চিত কৰিছে। হৃদৰোগত আক্ৰান্ত হোৱাৰ বাবে ২০ জুলাইত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

অৱশ্যে ৩ আগষ্টত বাইপাছ অস্ত্ৰোপচাৰৰ পিছত তেওঁ সুস্থ হৈ উঠিছিল বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছিল। কিন্তু বয়সৰ বাবে তেওঁৰ হাওঁফাওঁ আৰু প্ৰস্ৰাৱৰ সমস্যা অধিক বৃদ্ধি পোৱাৰ ফলত অৱশেষত তেওঁৰ মৃত্যু হয়।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গদ্দৰৰ মৃত্যুত শোক প্ৰকাশ কৰি এক টুইট যোগে তেলেংগানাৰ জনসাধাৰণৰ প্ৰতি তথা প্ৰান্তীয় লোকৰ বাবে গদ্দৰৰ অক্লান্ত যুঁজক সোৱৰণ কৰে।

 

গান্ধীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী তথা তেলেংগানা বিজেপিৰ সভাপতি জি কিষাণ ৰেড্ডী, টিডিপি প্ৰধান এন চন্দ্ৰবাবু নাইডুকে ধৰি কেইবাগৰাকীও নেতাই বিপ্লৱী শিল্পীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে।

উল্লেখ্য যে, গান আৰু কবিতাৰ জৰিয়তে জনসচেতনতা গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল গদ্দৰে। তেওঁৰ বিদ্ৰোহী গীতসমূহে তেলেংগানা ৰাজ্য গঠনৰ আন্দোলনক এক শক্তিশালী ইন্ধন যোগাইছিল।

নক্সালবাদী আন্দোলনৰ সৈতে জীৱনৰ অধিকতম সময় জড়িত হৈ গদ্দৰে ২০১০ চনলৈকে নক্সাল আন্দোলনত সক্ৰিয় হৈ আছিল। এই সময়ছোৱাতে আনকি ১৯৯৭ চনত এক সংঘৰ্ষৰ সময়ত মেৰুদণ্ডত গুলী লগাৰ ফলস্বৰূপে তেওঁ গুৰুতৰভাৱে আহত হৈছিল।

অৱশ্যে ২০১০ চনত নক্সাবাদ পন্থা ত্যাগ কৰি ঘূৰি অহাৰ পিছত তেওঁ নিজকে আম্বেদকাৰবাদী বুলি পৰিচয় দিয়ে। ১৯১১ চনত পঞ্জাৱত ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰোধিতা কৰা গদাৰ দলৰ প্ৰতি সন্মান গ্ৰহণ কৰি তেওঁ ‘গদ্দৰ’ নাম গ্ৰহণ কৰিছিল।

Related News