NORTHEAST NOW (Assamese)

লকডাউনত আৱদ্ধ হৈ পৰা পুত্ৰক ১৪০০ কিলোমিটাৰ স্কুটাৰ চলাই ঘৰলৈ আনিলে মাতৃয়ে

April 10, 2020 1:13 pm · এন ই নাও নিউজ
লকডাউনত আৱদ্ধ পুত্ৰক স্কুটাৰৰ পাছত বহুৱাই এইদৰে ঘৰলৈ আনে মাতৃয়ে। ফটো: টুইটাৰ

লকডাউনৰ ফলত আৱদ্ধ হৈ পৰা নিজ পুত্ৰক মাতৃয়ে স্কুটাৰেৰে ১৪০০ কিলোমিটাৰ যাত্ৰা কৰি ৩দিনত ঘৰলৈ ঘুৰাই অনাৰ এক ঘটনা পোহৰলৈ আহিছে।

তেলেংগানাৰ নিজামাবাদ জিলাৰ বাসিন্দা ৫০বছৰীয়া ৰাজিয়া বেগমে সোমবাৰে পুৱা স্থানীয় আৰক্ষীৰ অনুমতি লৈ প্ৰায় ৭০০ কিলোমিটাৰ দূৰৈৰ অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰলৈ যাত্ৰা কৰে।

খালী হৈ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে স্কুটাৰ চলাই নেল্লোৰ পোৱাৰ পাছত নিজ পুত্ৰক পাছত বহুৱাই লৈ বুধবাৰে সন্ধিয়া নিজামাবাদ জিলাৰ নিজৰ ঘৰত আহি উপস্থিত হয়।

এইদৰে এই গোটেই যাত্ৰাটোত তেওঁ ১৪০০ কিলোমিটাৰ পথ অতিক্ৰম কৰে আৰু তাকো তিনিদিনত। ৰাজিয়াই প্ৰতিদিনে প্ৰায় ৪৭০ কিলোমিটাৰ পথ স্কুটাৰ চলায়।

ৰাজিয়া বেগমে জানিবলৈ দিয়ে যে দুচকীয়া বাহনেৰে এয়া এক কঠিন যাত্ৰা যদিও পুত্ৰক ঘুৰাই অনাৰ দৃঢ় সংকল্পই সকলো শংকা দূৰ কৰি দিয়ে। নিশা স্বাভাৱিকতেই ভয় লাগিছিল কিয়নো ৰাস্তাত কোনো মানুহ বা যান-বাহন চলাচল কৰা নাছিল।

ৰাজিয়া বেগম হায়দৰাবাদৰ পৰা ২০০ কিলোমিটাৰ আঁতৰৰ নিজামাবাদ জিলাৰ বোধন কস্বেৰ এখন চৰকাৰী স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী। ৰাজিয়াৰ স্বামীৰ ১৫বছৰ পূৰ্বে মৃত্যু হৈছিল। তেওঁৰ ১৭ বছৰীয়া পুত্ৰ নিজামুদ্দিনে এম বি বিএছ পাঠ্যক্ৰমৰ বাবে প্ৰস্তুতি চলাই আছে।

ৰাজিয়াই তেওঁৰ সৰু পুত্ৰ নিজামুদ্দিনক আনিবলৈ তেওঁ আৱদ্ধ হৈ থকা নেল্লোৰৰ ৰহমতাবাদত উপস্থিত হৈছিল। তেওঁৰ পুত্ৰই এজন বন্ধুক ইয়াত থবলৈ আহি লকডাউনৰ বাবে আৱদ্ধ হৈ পৰিছিল।

ৰাজিয়াই প্ৰথমতে তেওঁৰ ডাঙৰ পুত্ৰক ৰহমতাবাদলৈ পঠিওৱাৰ কথা চিন্তা কৰিছিল যদিও পাছত লকডাউনৰ কঠোৰতাৰ বাবে সেই চিন্তা পৰিহাৰ কৰে। তেওঁ সৰু গাড়ীৰে যোৱাৰ কথাও চিন্তা কৰিছিল কিন্তু সেই চিন্তাও বাদ দি অৱশেষত দুচকীয়া বাহনেৰেই এই কঠিন যাত্ৰা সম্ভৱ কৰি তোলে।

ৰাজিয়া বেগমে ৰাস্তাত খোৱাৰ বাবে বহুখিনি ৰুটি বান্ধি লৈছিল। তদুপৰি, ৰাস্তাত পানীৰ পিয়াহ লাগিলে পেট্ৰ’ল পাম্পত ৰখি পানী খাই পুনৰ যাত্ৰা কৰিছিল। এনেদৰে তিনিদিনত ১৪০০ কিলোমিটাৰ স্কুটাৰ চলাই ৫০ বছৰীয়া ৰাজিয়া বেগমে লকডাউনত আৱদ্ধ হৈ থকা পুত্ৰক ওভতাই আনে।

Related News