NORTHEAST NOW (Assamese)

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

July 8, 2025 11:07 am · এন ই নাও নিউজ, গুৱাহাটী

ব্যৰ্থ চেষ্টাৰ ফলত মানসিক ভাবে ভাঙি পৰা এজন যুৱকে অৱশেষত হাৰ মানিলে জীৱনত। ভগৱান শিৱলৈ আৱেগিক চিঠি লিখি আত্মহত্যা কৰিলে যুৱক জনে! তেলেংগানাৰ ৰাজন্না ছিৰকিল্লা জিলাত সংঘটিত হৈছে এই ঘটনা। নিহত লোকজনৰ নাম দিতি ৰোহিত বুলি জানিব পৰা গৈছে। ২৫ বছৰীয়া জুৱক জনে এম এছ চি সম্পূৰ্ণ কৰাৰ পিছত বৰ্তমান বি.এড পাঠ্যক্ৰমত নামভৰ্তি কাৰিছিল।

ৰোহিতৰ পৰিয়ালৰ সূত্ৰ অনুসৰি ল’ৰাজনে সৰুৰে পৰাই চিকিৎসক হোৱাৰ সপোন দেখিছিল। কিন্তু কেইবাবাৰো চেষ্টা কৰিও তেওঁ ব্যৰ্থ হয়। ইয়াৰ মাজতে তেওঁ এম.এছ.চি. তাৰ পিছত তেওঁ বি.এড. কিন্তু সপোন পূৰণ কৰিব নোৱাৰাৰ এটা অনুশোচনাই সদায় খেদি ফুৰিছিল। জানিব পৰা মতে, যোৱা শনিবাৰে ৰোহিতে ভগৱান শিৱলৈ এখন চিঠি লিখি প্ৰাণ ত্যাগ কৰে! ৰোহিতৰ মৃতদেহ উদ্ধাৰ কৰাৰ সমান্তৰালকৈ আৰক্ষীয়ে তেওঁৰ ঘৰৰ পৰা এই চিঠিখন উদ্ধাৰ কৰে।

তেওঁ শিৱলৈ লিখিছিল, ‘শিৱ, তোমাৰ সকলো জ্ঞানেৰে, তুমি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? নিজৰ ল’ৰাৰ বাবেও একেখিনি কথা লিখিব নেকি? আমি তোমাৰ সন্তান নহয় নেকি?’ তেওঁ লগতে লিখিছে, ‘মৃত্যুৰ যন্ত্ৰণাতকৈ জীয়াই থকাৰ যন্ত্ৰণা বহুত বেছি।’ লগতে তেওঁ চিঠিখনত কয় যে অৱশেষত তেওঁ নিজৰ জীৱনৰ বাবে যুঁজি ভাগৰি পৰাৰ পিছত এনে সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল। শেষৰ চিঠিখনত ৰোহিতে জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ বিষয়ে লিখিছে। চিঠিখনত উল্লেখ আছিল যে তেওঁ গোটেই জীৱন নিজৰ লগত সৎ আছিল। আৱেগিক চিঠিখনত এই চুটি জীৱনত কেইবাজনো ভাল মানুহৰ লগত মত বিনিময় কৰা বুলিও উল্লেখ আছে। সেই চিঠিখনত শেষ ইচ্ছাৰ কথা কৈ মৃতদেহ কাশী ঘাটত দাহ কৰিবলৈ কৈ গৈছে। লগতে তেওঁ কয় যে তেওঁ পুনৰ মানুহ হিচাপে জন্ম ল’ব নিবিচাৰে।

Related News