NORTHEAST NOW (Assamese)

তেলেংগানাত ১৭ গৰাকী মহিলাক হত্যা কৰা অপৰাধীক শাস্তি বিহিলে আদালতে, কি শাস্তি?

May 27, 2022 4:46 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: May 27, 2022 4:50 pm

এগৰাকী নহয়, দুগৰাকী নহয় ১৭ গৰাকীকৈ মহিলাক হত্যা কৰা এজন চিৰিয়েল কিলাৰক তেলেংগানাৰ গাড়োৱাল জিলাৰ এখন আদালতে শাস্তি বিহিছে।

থলুৱা ভাবে প্ৰস্তুত কৰা মদৰ দোকান এখনৰ গৰাকী য়েৰুকালী শ্ৰীনু (৪৭)য়ে তেওঁৰ দোকানলৈ মদ খাবলৈ অহা মহিলাসকলৰ সৈতে প্ৰথমতে বন্ধুত্ব স্থাপন কৰি পিছত তেনে মহিলাক হত্যা কৰিছিল।

এনেদৰে ১৭ গৰাকীকৈ মহিলাক হত্যা কৰাৰ পিছত য়েৰুকালী শ্ৰীনু ধৰা পৰিছিল। অলপতে আদালতে হত্যাকাী জনক দোষী সাব্যস্ত কৰিছিল আৰু শেহতীয়াকৈ অতিৰিক্ত জিলা দণ্ডাধীশে তেওঁক তেওঁৰ ভাতৃ চিট্টি এলাইভলাম্মা (৫৩)ৰ হত্যাৰ বাবে আজীৱন কাৰাদণ্ড বিহে।

চিৰিয়েল কিলাৰজনক ২০১৯ চনত ভাতৃ এলাইভলাম্মাৰ হত্যাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

শ্ৰীনুৰ পত্নী ছালাম্মাকো গিৰিয়েকে মহিলাক হত্যা কৰি চুৰি কৰা সম্পত্তি মজুত কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল।

সুৰাৰ প্ৰতি আসক্ত শ্ৰীনুৱে তেওঁৰ দোকানলৈ সুৰাপান কৰিবলৈ অহা মহিলাসকলৰ সৈতে বন্ধুত্ব কৰি তেওঁলোকক বনভোজৰ নামত নিৰ্জন স্থানলৈ লৈ গৈছিল আৰু তেওঁলোকৰ সৈতে একেলগে সুৰাপান কৰাৰ পিছত তেওঁলোকক হত্যা কৰি সোণ আৰু ৰূপৰ অলংকাৰে আদি লৈ গৈছিল।

শ্ৰীনু নিজৰ ভায়েককো হত্যা কৰিছিল বুলি জানিব পৰা গৈছে।২০০৯ চনত তেওঁৰ ভায়েকক হত্যা কৰাৰ বাবে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।

বহু কেইটা গোচৰত প্ৰমাণৰ অভাৱতে লোকজনক নিৰ্দোষী ঘোষণা কৰিবলগীয়া হৈছিল।

Related News