NORTHEAST NOW (Assamese)

প্ৰতিবাদী মল্লযুঁজাৰুক গুলীচালনাৰ ভাবুকি অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াৰ: প্ৰত্যুত্তৰ বজৰং পুনিয়াৰ

May 29, 2023 4:05 pm · এন ই নাও নিউজ, গুৱাহাটী

অলিম্পিককে ধৰি আগশাৰীৰ আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক জয়েৰে বিশ্বৰ বুকুত দেশৰ নাম উজলোৱা দেশৰ তাৰক মল্লযুঁজাৰুসকল এতিয়া নিজ দেশতেই সন্মুখীন হ’বলগীয়া হৈছে চৰম অপমানৰ। কেৱল অপমানেই নহয়, ন্যায় প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ কৰা মল্লযুঁজাৰুসকলে এতিয়া লাভ কৰিছে গুলীচালনাৰ ভাবুকিও।

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে মহিলা খেলুৱৈক যৌন নিৰ্যাতনৰ অভিযোগেৰে দীৰ্ঘদিন ধৰি প্ৰতিবাদ চলাই অহা মল্লযুঁজাৰুসকলক গুলীচালনাৰ ভাবুকি প্ৰদান কৰিছে এগৰাকী অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াই।

দেওবাৰে প্ৰতিবাদৰ সময়ত দেশৰ আগশাৰীৰ তাৰকা মল্লযুঁজাৰু তথা অলিম্পিক পদক বিজয়ী বজৰং পুনিয়া, সাক্ষী মালিক আৰু ৱিনেশ ফ’গাটকে ধৰি কেইবাগৰাকীও খেলুৱৈক দিল্লী আৰক্ষীয়ে দমনমূলকভাৱে আটক কৰি ৰখা দৃশ্যই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

এনে সময়তে অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াগৰাকীৰ ভাবুকিয়ে আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাক্তন বিষয়াগৰাকীয়ে এক টুইট যোগে প্ৰতিবাদী মল্লযুঁজাৰুসকলক প্ৰয়োজন হ’লে গুলীচালনা কৰা হ’ব বুলি উল্লেখ কৰিছে। তেওঁৰ মন্তব্য অনুসৰি, এতিয়া মল্লযুঁজাৰুসকলক আৱৰ্জনাৰ দৰে কেৱল ঠেলি নিয়া হৈছে। কিন্তু প্ৰয়োজন হ’লে গুলীচালনা কৰা হ’ব।

তেওঁ টুইটটোত লগতে কয় যে, ধাৰা ১২৯- এ আৰক্ষীক গুলী চালনাৰ ক্ষমতা প্ৰদান কৰে। যদি পৰিস্থিতিয়ে দাবী কৰে, তেন্তে সেই ইচ্ছা পূৰণ হ’ব। ইয়াৰোপৰি তেওঁ মৰণোত্তৰ পৰীক্ষাৰ মেজত পুনৰ লগ হ’ব বুলি এক আশ্চৰ্যকৰ মন্তব্যও টুইটটোত সংলগ্ন কৰে।

ড০ এন চি আস্থানা নামৰ এই অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াগৰাকীৰ টুইটৰ পিছতে অলিম্পিক ব্ৰঞ্জ জয়ী বজৰং পুনিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিষয়াগৰাকীৰ গুলীৰ সন্মুখীন হোৱাৰ বাবে কোন স্থানলৈ যাব লাগিব, সেই বিষয়ে অৱগত কৰিবলৈ আহ্বান জনায়।

 

প্ৰাক্তন বিষয়াগৰাকীৰ টুইটৰ উত্তৰত পুনিয়াই কয়, “এই আইপিএছ বিষয়াগৰাকীয়ে আমাক গুলীয়াই হত্যা কৰাৰ কথা কৈছে। আমি আপোনাৰ সন্মুখত আছোঁ, আমি কোন স্থানলৈ যাব লাগিব কওঁক। শপত খাই কৈছো আমি ঘূৰি নাহো, বুকুত আপোনাৰ গুলীৰ পাতি লম।আমাৰ লগত যি কৰিবলৈ এয়াই বাকী আছে, তেতিয়াহ’লে এয়াও হওক।”

উল্লেখ্য যে, কালি নতুন সংসদ ভৱনলৈকে শান্তিপূৰ্ণ প্ৰতিবাদী সমদল বাহিৰ কৰাৰ পিছতে সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ পাছত বজৰং পুনিয়কে ধৰি ৱিনেশ ফ’গাট, সাক্ষী মালিকসহ ১২ জন মল্লযোদ্ধাৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে হিংসাত্মক কাণ্ড, বেআইনী সমাবেশ আৰু ৰাজহুৱা কৰ্মচাৰীসকলক তেওঁলোকৰ কৰ্তব্য পালনত বাধা দিয়াৰ অভিযোগত গোচৰ দাখিল কৰিছে।

Related News