NORTHEAST NOW (Assamese)

এইবাৰ চিপলৈ আত্মহত্যা কৰিলে জনপ্ৰিয় তেলেগু অভিনেত্ৰী শ্রাৱণীয়ে

September 9, 2020 4:21 pm · এন ই নাও নিউজ
Updated: September 9, 2020 4:26 pm

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে হায়দৰাবাদত আত্মহত্যাৰ পথ বাচি ল’লে  জনপ্ৰিয় তেলেগু অভিনেত্ৰী কণ্ডাপাল্লি শ্ৰাৱণীয়ে।

হায়দৰাবাদৰ মধুৰনগৰ অঞ্চলত থকা নিজা বাসভৱনত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে অভিনেত্ৰী গৰাকীৰ মৃতদেহ।

আজি পুৱা বহু সময়লৈ অভিনেত্ৰী গৰাকীয়ে তেওঁৰ কোঠাৰ পৰা ওলাই নহাত পৰিয়ালৰ লোকে অভিনেত্ৰী গৰাকীক দুৱাৰত ঢকিয়াই মাতে। কিন্তু কোনো সঁহাৰি নোপোৱাত পৰিয়ালৰ লোকে দুৱাৰ ভাঙি অভিনেত্ৰী গৰাকীক ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে।

লগে লগে আৰক্ষীক খবৰ দিয়া হয়। মৃত অভিনেত্ৰী গৰাকীৰ পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে কিছুদিন ধৰি অভিনেত্ৰী গৰাকীক তেওঁৰ পূৰ্বৰ  প্ৰেমিক দেৱৰাজ ৰেড্ডীয়ে মানসিক ভাবে অত্যচাৰ চলাই আছিল।

পূৰ্বৰ প্ৰেমিক দেৱৰাজে  ১ লাখ টকা আদায় নিদিলে অভিনেত্ৰী গৰাকীৰ কেতবোৰ অসংযত অৱস্থাৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল কৰি দিব বুলি ভাবুকি দিছিল বুলি অভিনেত্ৰী গৰাকীৰ পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে।

আৰক্ষীয়ে মৃত অভিনেত্ৰী গৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দেৱৰাজক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছে।

অভিনেত্ৰী শ্ৰাৱণীয়ে ‘মানাছু মমতা’, ‘মৌনাৰাগম’ আদি ছবিত অভিনয় কৰাৰ লগতে সৰু পৰ্দাৰ অভিনেত্ৰী হিচাবেও জনপ্ৰিয় আছিল।

Related News