NORTHEAST NOW (Assamese)
Popular Stories

ট্ৰাকৰ সৈতে টেম্পোৰ মুখামুখি সংঘৰ্ষ; ৭ জন নিহত, শিশুসহ ১১ জন আহত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 19, 2024 8:26 pm

মধ্য প্ৰদেশৰ জবলপুৰত টেম্পো আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত শিশুসহ ৭ জন লোকৰ মৃত্যু হয়। আহত হয় আন ১১ জন লোক।

আৰক্ষীৰ সূত্ৰ অনুসৰি তীব্ৰ বেগেৰে আহি আছিল এখন কাৰ্গো ট্ৰাক। নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা টেম্পো এটা ৰেম কৰি ১০০ মিটাৰ টানি লৈ যায়। ইয়াৰ পাছতে টেম্পোৰ ওপৰত ট্ৰাকখন ওলোটা হৈ পৰিল। টেম্পোত থকা যাত্ৰীসকল ট্ৰাকৰ তলত পৰাৰ ফলত থিতাতে মৃত্যু হয় ৭ জন লোকৰ।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বুধবাৰে বিয়লি লুনজী গাঁৱৰ সমীপৰ ছিহাৰ-মাঝগাঁও পথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। এই তথ্য পোৱাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হৈ ট্ৰাকখন আঁতৰাই যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে। আহতসকলক উদ্ধাৰ কৰি ছিহোৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আৰক্ষীয়ে জনোৱা মতে, নিহত আৰু আহত আটাইকেইজনেই প্ৰতাপপুৰা গাঁৱৰ বাসিন্দা। জবলপুৰৰ এখন ঠাইৰ পৰা গাঁৱলৈ উভতি আহিছিল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়। এজন প্ৰত্যক্ষদৰ্শীয়ে কয়, হঠাতে কাৰ্গো ট্ৰাকখনে টেম্প’ত সোমাই জোৰেৰে খুন্দা মাৰে। তীব্ৰ শব্দ শুনি স্থানীয় লোকে পথলৈ ওলাই আহি এখন ট্ৰাক বাগৰি যোৱা দেখিবলৈ পায়। স্থানীয় লোকে উদ্ধাৰ কৰে একাংশ লোকক।