NORTHEAST NOW (Assamese)
Popular Stories

ৰাজস্থানত মহিলা ৰাজপত্ৰিত বিষয়াৰ ৰহস্যজনক মৃত্যু; ভুল চিকিৎসাৰ বাবে মৃত্যুৰ অভিযোগ পৰিয়ালৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 19, 2024 8:56 pm

চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত মৃত্যু হয় ৰাজস্থানৰ এগৰাকী আমোলাৰ। ভুল অস্ত্ৰোপচাৰৰ বাবেই ৩৩ বছৰীয়া মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে। সেই অস্ত্ৰোপচাৰ যোধপুৰত কৰা হৈছিল। এই সন্দৰ্ভত ৰাজস্থান চৰকাৰে তদন্তৰ নিৰ্দেশ দিছে।

মৃত বিষয়াগৰাকীৰ নাম প্ৰিয়ংকা বিষ্ণোই। ২০১৬ চনৰ বেচৰ ৰাজস্থান প্ৰশাসনিক সেৱাৰ বিষয়া। তেওঁ বিকানেৰৰ বাসিন্দা আছিল। দুসপ্তাহ পূৰ্বে যোধপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ অস্ত্ৰোপচাৰ হৈছিল। পৰিয়ালৰ দাবী, ইয়াৰ পাছত প্ৰিয়ংকাৰ অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। সেই অস্ত্ৰোপচাৰত কিবা ভুল হোৱা বুলিও দাবী কৰে পৰিয়ালটোৱে। যোধপুৰ জিলা দণ্ডাধীশ গৌৰৱ আগৰৱালাই পৰিয়ালটোৰ অভিযোগৰ ভিত্তিত তদন্তৰ নিৰ্দেশ দিছে। সতলানন্দ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ভাৰতী সৰস্বতৰ নেতৃত্বত গঠন কৰা হৈছে পাঁচজনীয়া তদন্তকাৰী দল।

পূৰ্বে প্ৰিয়ংকাক যোধপুৰৰ উপ-জিলা দণ্ডাধীশ হিচাপে নিযুক্তি দিয়া হৈছিল। চলিত মাহৰ আৰম্ভণিতে তেওঁক যোধপুৰ উত্তৰ পৌৰসভাৰ উপ আয়ুক্ত পদলৈ বদলি কৰা হয় যদিও তেওঁ কামৰ দায়িত্ব ল’ব পৰা নাছিল। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই এক্স (পূৰ্বৰ টুইটাৰ)ত প্ৰিয়ংকাৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁৰ পৰিয়াললৈও সমবেদনা জ্ঞাপন কৰা হৈছে।