NORTHEAST NOW (Assamese)

ৰাষ্ট্ৰীয় পৰ্যায়ত গোলাঘাটৰ কিক বক্সিং দলৰ সাফল্য; দহ জন খেলুৱৈৰ সোণৰ পদক লাভ

October 18, 2021 9:50 am · মীনাক্ষী ফুকন, গোলাঘাট
ফটো: নৰ্থইষ্ট নাও।

Gold Medal at National level Kick Boxing ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক বুটলি অসমৰ লগতে গোলাঘাটলৈ কঢ়িয়াই আনিলে এক অনন্য সাফল্য।

গোৱাৰ মাঠগাঁও নৰসিমহা দামোদৰ নাইট হলত ৮ অক্টোবৰত অনুষ্ঠিত হোৱা নেশ্যনেল খেল’ ইণ্ডিয়া (Regular.By _khelo India), ফিট ইণ্ডিয়াৰ কিক বক্সিং  প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি মুঠ দহ জন খেলুৱৈয়ে সোণৰ পদক অর্জন কৰিবলৈ সক্ষম হয়।

গোলাঘাট লক্ষীবাৰীৰ উত্তম বল্লভ গোস্বামী, গোলাঘাটৰ দেৱাংগ পল্লৱ শইকীয়া, ৰঞ্জন নাথ, বিশাল গুপ্তা, মিলন বৰতামূলী, অভিনৱ মহন্ত, আৰ্নিশ চাহু, মৃগাংগ বৰ্মন, মেঘা জৈন, মানচি পালে সদ্য সমাপ্ত হোৱা প্ৰতিযোগিতাখনত সোণৰ পদক লাভ কৰি গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিছে।

গোলাঘাটৰ পৰা যোৱা এই দলটোৰ দলপতি আছিল ৰাজেশ গুপ্তা। 

Related News