NORTHEAST NOW (Assamese)

ইছলামৰ দহটা মহান নীতি : সকলো ধৰ্মৰ লোকে পালন কৰিব পাৰে

April 21, 2023 9:17 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 21, 2023 9:19 am

ইছলামৰ দুখন মূল পবিত্ৰ ধৰ্মগ্ৰন্থ হ’ল কোৰআন আৰু হাদীছ। কোৰআনক ঈশ্বৰৰ বাক্য বুলি বিশ্বাস কৰা হয় আৰু হাদীছ হৈছে ইছলামৰ নবীৰ বাক্যৰ সংকলন। কোৰআনত প্ৰায় ৬৫০০ আয়াত থকাৰ বিপৰীতে হাদীছত ইছলামৰ নবীৰ প্ৰায় ২৫,০০০ বচন আছে। ইছলামিক শিক্ষাই মানৱ জীৱনৰ প্ৰায় সকলো দিশ যেনে বিশ্বাস, পূজা, নৈতিকতা, আধ্যাত্মিকতা, সামাজিক গাঁথনি ইত্যাদি সামৰি লৈছে।

ইয়াত কোৰআন আৰু হাদীছৰ পৰা সংগৃহীত দহটা নীতিৰ কথা উল্লেখ কৰা হৈছে, যিবোৰক ধৰ্ম আৰু সংস্কৃতি নিৰ্বিশেষে প্ৰতিজন পুৰুষ আৰু মহিলাৰ বাবে উপযুক্ত তথা সাৰ্বজনীন নীতি বুলি গণ্য কৰিব পাৰি। এই নীতি সমূহ জীৱনৰ সূত্ৰ বা জীৱন পৰিচালনাৰ এক কলা।

পাৰস্পৰিক সন্মান

বহুধৰ্মীয় সমাজত কেনেকৈ জীয়াই থাকিব? এই প্ৰশ্নৰ কোৰআনৰ উত্তৰ এই আয়াতত পোৱা যায় – “তোমালোকৰ বাবে তোমাৰ ধৰ্ম; মোৰ কাৰণে মোৰ।” এই নীতি ধৰ্মীয় সহনশীলতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। ইয়াক এটা বাক্যত ‘এজনক অনুসৰণ কৰক আৰু সকলোকে সন্মান কৰক’ বুলি ক’ব পাৰে।

মিলন আৰু সমন্বয়

সংঘাতৰ সময়ত কেনে আচৰণ কৰিব? কোৰআনত কৈছে, “মিলন সৰ্বোত্তম।” ইয়াৰ অৰ্থ হ’ল সংঘাতৰ সময়ত আমি সংঘাতপূৰ্ণ পন্থা গ্ৰহণ কৰাতকৈ মিলাপ্ৰীতিৰ পন্থা গ্ৰহণ কৰিব লাগিব।

শান্তি

ইছলামৰ নবীয়ে কৈছে, “ঈশ্বৰে অহিংসাক যিখিনি প্ৰদান কৰে, সেইখিনি ঈশ্বৰে হিংসাক প্ৰদান নকৰে।” অৰ্থাৎ হিংসাত্মক পদ্ধতিতকৈ শান্তিপূৰ্ণ পদ্ধতি সদায় বহুত বেছি ফলপ্ৰসূ।

ব্যৱহাৰিক জ্ঞান

এটা হাদীছ অনুসৰি ইছলামৰ নবীৰ সাধাৰণ নীতি আছিল যে যেতিয়াই ইছলামৰ নবীয়ে দুটা বিকল্পৰ মাজৰ পৰা এটা বাছি ল’বলগীয়া হৈছিল তেতিয়াই তেওঁ সদায় কঠিন বিকল্পটোতকৈ সহজ বিকল্পটো বাছি লৈছিল। প্ৰতিটো বিষয়তে ইছলামৰ সাধাৰণ নীতি আছিল এইটোৱেই।

ইতিবাচক সঁহাৰি

এজন ব্যক্তিয়ে এবাৰ ইছলামৰ নবীৰ ওচৰলৈ আহি সুধিলে, “হে নবী, মোক কিছুমান চূড়ান্ত পৰামৰ্শ দিয়ক, যাৰ দ্বাৰা মই হয়তো মোৰ জীৱনৰ সকলো কামকাজ পৰিচালনা কৰিব পাৰিম।” ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে উত্তৰ দিলে, “ক্ৰোধ নকৰিবা।” ইয়াৰ অৰ্থ হ’ল আমি উত্তেজিত হ’লেও খঙেৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নালাগে। নেতিবাচক পৰিস্থিতিৰ প্ৰতি ইতিবাচক সঁহাৰি দিয়ক। সদায় ইতিবাচক চিন্তাধাৰা গ্ৰহণ কৰক।

বিনয়

ইছলামৰ নবীয়ে কৈছে, “ঈশ্বৰে বিনয়ীক উন্নীত কৰে।” অৰ্থাৎ বিনয়ই হৈছে উচ্চ সফলতাৰ পথ।

ফলাফলমুখী কাৰ্য্য

ইছলামৰ নবীয়ে কৈছে, “মানুহৰ সৌন্দৰ্য্য হ’ল নিজকে অসাৰ কামৰ পৰা আঁতৰাই ৰখা, অসাৰ কামত কোনো ফল পোৱা নাযায়।” গতিকে আমাৰ কামবোৰ সদায় ফলাফলমুখী হ’ব লাগে।

বন্ধুত্বপূৰ্ণ আচৰণ

ইছলামৰ নবীয়ে কৈছে, “তেওঁ এনে এজন মুমিন নহয় যিয়ে নিজৰ ওচৰচুবুৰীয়াৰ বাবে সমস্যাৰ সৃষ্টি কৰে।”

একপক্ষীয় ভাল চৰিত্ৰ

কোৰআনে কৈছে: “ভাল আৰু বেয়া কাম সমান নহয়। ভাল কামেৰে বেয়াক প্ৰতিহত কৰক, তেতিয়া আপুনি দেখিব যে এসময়ত আপোনাৰ শত্ৰু হৈ থকা সেইজন আপোনাৰ প্ৰিয় বন্ধু হৈ পৰিছে।” সমাজত আমাৰ আচৰণ প্ৰতিশোধমূলক নহয় বৰঞ্চ সকলো পৰিস্থিতিত ভাল হ’ব লাগে।

শ্বাস্বত বন্ধু্ত্ব

ইছলামৰ নবীয়ে কৈছে, ”মই সাক্ষ্য দিছোঁ যে সকলো মানুহ ইজনে সিজনৰ ভাইভনী।” এই ধাৰণাটোৱে আমাৰ সকলোৰে মাজত সাৰ্বজনীন ভাতৃত্ববোধৰ ভাৱ জগাই তোলে, আৰু ইয়াৰ ভিত্তিতেই এখন উন্নত সমাজ গঠন হ’ব পাৰে।

ইয়াৰ উপৰিও এটা ভাল ব্যক্তিত্ব গঢ়ি এখন ভাল সমাজ প্ৰতিষ্ঠা কৰাৰ বাবে সহায় হোৱাকৈ কোৰআন আৰু হাদীছে হাজাৰ হাজাৰ মহান নীতি আৰু পৰামৰ্শ দাঙি ধৰিছে। বিশ্ব শান্তিৰ বাবে এই মহান নীতি সমূহ মানি চলিব লাগে। তেতিয়াহে সমাজৰ উন্নতিৰ লগতে জীৱনৰ মুক্তিৰ পথ মুকলি হ’ব।

Related News