পশ্চিম কাৰ্বি আংলঙত কিছু পৰিমাণে শাম কাটিছে উত্তজনা : খেৰণীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা
পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী অঞ্চলত বিগত তিনিদিন ধৰি চলি থকা উত্তপ্ত পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণলৈ আহিছে বুলি বিষয়াসকলে জানিবলৈ দিছে। এই হিংসাত্মক ঘটনাত এতিয়ালৈকে দুজন লোকৰ মৃত্যু হৈছে। যিকোনো নতুন সংঘাত ৰোধ কৰিবলৈ স্পৰ্শকাতৰ এলেকাসমূহত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰি নিৰাপত্তা ব্যৱস্থা যথেষ্ট শক্তিশালী কৰা হৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত কৰিছে যে অঞ্চলটোত শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। তেওঁ কয় যে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখা হৈছে আৰু আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ বাবে সকলো পক্ষৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰা হৈছে।
এই অশান্তজৰ্জৰ পৰিস্থিতিত দুজন লোকে প্ৰাণ হেৰুৱাইছে। সংঘৰ্ষৰ সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিংথি তিমুঙৰ মৃত্যু হয়। আনহাতে, এটা ব্যৱসায়িক প্ৰতিষ্ঠানত হোৱা অগ্নিসংযোগৰ ঘটনাত সূৰ্য দে’ নামৰ আন এজন ব্যক্তিৰ মৃত্যু হয়।