NORTHEAST NOW (Assamese)

টীয়কৰ ১২৫ নং ভকত গাঁও প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠান

December 26, 2020 5:38 pm · নিৰ্মলেন্দু পাঠক

ভাৰতবৰ্ষৰ স্বাধীনতাৰ পূৰ্বেই ১৯১৯ চনৰ ২৭ ডিচেম্বৰত টীয়কৰ ঐতিহাসিক জাঁজীমুখৰ ভকত গাঁৱত এচাম সমাজ হিতৈষী ব্যক্তিৰ  চেষ্টাত প্ৰতিষ্ঠা হৈছিল ১২৫ নং ভকত গাঁও প্ৰাথমিক বিদ্যালয়।

আজি বিদ্যালয়খনে শতবৰ্ষ গৰকিলে।বৃহত্তৰ জাঁজীমুখ অঞ্চলৰ শিক্ষাৰ বাটকটীয়াস্বৰূপ এই প্ৰাথমিক বিদ্যালয়খনৰ শতবৰ্ষৰ অনুষ্ঠানৰ অংশ হিচাপে বিগত বছৰটোত বিভিন্ন সামাজিক কাৰ্যসূচী ৰূপায়ণ কৰি অহা হৈছে।

বিদ্যালয়খনৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠানটি আজি দিনযোৰা কাৰ্যসূচীৰে বিদ্যালয়ৰ সমিপতে আয়োজন কৰিছে।

পুৱা পৰিবেশ নিষ্কাশন,বন্তি প্ৰজ্বলন,স্মৃতি তৰ্পণ,পতাকা উত্তোলনৰ পাছত এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।

শোভাযাত্ৰাৰ পাছতে দুপৰীয়া এখনি মুকলি সভাৰ আয়োজন কৰা হয়। উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হেমধৰ কলিতাৰ সভাপতিত্বত আয়োজিত এই সভাত বিশিষ্ট অতিথি ৰূপে মধ্য যোৰহাট শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অৱনী গগৈ,মুখ্য অতিথি ৰূপে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক বিৰিঞ্চি কুমাৰ বৰাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপস্থিতত যুৱ অধিবক্তা অনুপ কুমাৰ দত্তই বিদ্যালয়ৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে।

উক্ত সমগ্ৰ কাৰ্যসূচীত বৃহত্তৰ জাঁজীমুখৰ ৰাইজ , বৰ্তমান তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী,অভিভাৱক শুভাকাংক্ষীয়ে সহযোগিতা আগবঢ়ায়।

Related News