NORTHEAST NOW (Assamese)
অসম

টোপনিত প্ৰশাসন: টীয়কত বাণিজ্য সন্থাই ঘেৰাও কৰিলে চক্ৰ বিষয়াৰ কাৰ্যালয়

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক February 15, 2021 5:29 pm
Screenshot_2021-02-15-16-08-34

২০১৪ চনতে কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ কাম আৰম্ভ হৈছিল যদিও যোৰহাট বাইপাছৰ পৰা জাঁজী দলং পৰ্যন্ত পথছোৱাৰ কাম অতি নিম্নমানৰ ক্ৰুটিপূৰ্ণ হোৱাৰ লগতে লেহেমীয়া গতিত চলিছে বুলি বিভিন্ন সময়ত ৰাইজে  অভিযোগ  কৰি আহিছে।

প্ৰায় দুমাহৰ পূৰ্বে  টীয়ক নগৰৰ দুইকাষে চাৰ্ভিচ ৰ’ড নিৰ্মাণৰ বাবে দকৈ গাঁত খান্দি আজি পৰ্যন্ত পেলাই থোৱাৰ বাবে নগৰখনৰ ব্যৱসায়িক প্ৰতিস্থানসমূহলৈ গ্ৰাহক অহা যোৱা কৰাত যথেষ্ট অসুবিধা হোৱাৰ লগতে বিভিন্ন অঞ্চলত ক্ৰুটিপূৰ্ণ নলা নিৰ্মাণ কৰাৰ বাবে কৃত্ৰিম বান হোৱাৰ আশংকা ঘনীভূত হৈছে৷

সমগ্ৰ বিষয়ত ইতিমধ্যে বহুবাৰ প্ৰশাসন তথা উৰ্ধতন কৰ্তৃপক্ষক ৰাইজে অৱগত কৰিছে যদিও প্ৰশাসন এতিয়াও ঘোৰ নিদ্ৰাতে আছে।

ৰাইজে আপত্তি দৰ্শায়ো  কোনো সুফল নোপোৱাত আজি টীয়ক বাণিজ্য সন্থাৰ উদ্যোগত সকলো ব্যৱসায়ী ৰাজপথলৈ ওলাই আহি টীয়কৰ বৰা বজাৰৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথদি ৰেলী কৰি চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে।

ব্যৱসায়ীসকলে প্ৰশাসনৰ অমনোযোগিতাক ধিক্কাৰ দিয়াৰ লগতে বিভিন্ন ধ্বনি দি  পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰীসকলে ক্ৰুটিপূৰ্ণ সকলো কাম অনতি পলমে অৰ্থাৎ অহা মাৰ্চ মাহৰ ভিতৰত সম্পাদন কৰিবলৈ চক্ৰ বিষয়াৰ যোগেদি জিলা উপায়ুক্তলৈ দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

অন্যথা জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ব্যৱসায়ীসকলে।