NORTHEAST NOW (Assamese)
Popular Stories

বেয়া আছিল কপাল  : অৱসৰৰ এদিন পূৰ্বে গ্ৰেপ্তাৰ হ’ল পঞ্চায়তৰ সচিব

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 30, 2023 4:07 pm

চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগত অৱসৰলৈ মাত্ৰ এদিন বাকী থকা এগৰাকী পঞ্চায়ত সচিবক গ্ৰেপ্তাৰ কৰিলে কাছাৰ আৰক্ষীয়ে। 

খবৰ অনুসৰি, অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বিভিন্ন উন্নয়নমূলক কামৰ বাবে মুকলি কৰি দিয়া চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিষয়াগৰাকীক।

লগতে পঢ়কঃ বেয়া আছিল কপাল  : অৱসৰৰ এদিন পূৰ্বে গ্ৰেপ্তাৰ হ’ল পঞ্চায়তৰ সচিব

জানিব পৰা মতে, কাছাৰ জিলাৰ বিন্নকান্দি উন্নয়ন খণ্ডৰ বোৱালি চেংজুৰ গ্ৰাম পঞ্চায়তৰ পঞ্চায়ত সচিবজনৰ নাম ৰতিশ ধৰ

তথ্য অনুসৰি বিষয়াগৰাকীৰ উধৰবন্দৰ বাসগৃহৰ পৰা আৰক্ষীয়ে ৰতিশ ধৰক গ্ৰেপ্তাৰ কৰে। কাছাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই দাখিল কৰা এজাহাৰৰ ভিত্তিত লক্ষীপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিষয়াজনক

অভিযোগত অনুসৰি ৰতিশ ধৰে কেইবাটাও উন্নয়নমূলক কামত দুৰ্নীতিৰ সৈতে জড়িত হোৱাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীৰ নামত ভুৱা জিঅ’টেগ প্ৰস্তুত কৰি বিপুল পৰিমাণৰ চৰকাৰী ধন আত্মসাৎ কৰিছিল

লগতে পঢ়কঃ উন্মাদৰ কাণ্ড! আমেৰিকাত পুনৰ বন্দুকধাৰীৰ আক্ৰমণত শিশুসহ একেটা পৰিয়ালৰ ৫জন নিহত

ৰাইজৰ দীৰ্ঘদিনীয়া অভিযোগ অনুসৰি বিভাগীয় তদন্ত কৰা হয়, তদন্তৰ ধন আত্মসাৎ কৰা কথা স্পষ্ট হৈ পৰে। এই তথ্যৰ ভিত্তিত কাছাৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰঞ্জিত কুমাৰ লস্কৰে পঞ্চায়ত সচিব ৰতিশ ধৰ আৰু আন দুজন বিষয়া ক্ৰমে গ্ৰাম ৰোজগাৰ সেৱক অমৃতলাল গুপ্তা আৰু কৃপা সিন্ধু গুপ্তাৰ বিৰুদ্ধে চৰকাৰী পুঁজি আত্মসাৎ কৰাৰ গোচৰ ৰুজু কৰে।

এই এজাহাৰৰ ভিত্তিত যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰতিশ ধৰক। ইফালে বাকী দুজন অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে। উল্লেখযোগ্য যে আজি (৩০ এপ্ৰিল) পদৰ পৰা অৱসৰ ল’ব লাগিছিল ৰতীশ ধৰে, কিন্তু অৱসৰৰ এদিন পূৰ্বে ধৰা পৰিল বিষয়াগৰাকী

লগতে পঢ়কঃ ৰজা চাৰ্লছৰ ৰাজ অভিষেকৰ বাবে আমন্ত্ৰিত একমাত্ৰ ভাৰতীয় শিল্পী সোনম কাপুৰ