NORTHEAST NOW (Assamese)
Popular Stories

পত্নীক শাৰীৰিক নিৰ্যাতন চলাই নিলম্বন হ’ল ACS বিষয়া মুকুল কাথাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 30, 2023 3:33 pm

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰা বৰ্খাস্ত কৰা হৈছে জ্যেষ্ঠ এচিএছৰ বিষয়া মুকুল কাথাৰক।

উল্লেখ্য যে কাথাৰে কেএএচিৰ মুখ্য কাৰ্যবাহী সদস্যৰ সচিবৰ পদত অধিষ্ঠিত হোৱাৰ লগতে পৰিষদৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বও আছিল।

লগতে পঢ়কঃ ‘নগ্ন হৈও অভিনয় কৰিছো, চুম্বন কোনো কথাই নহয়’- অন্তৰংগ দৃশ্যক লৈ স্পষ্ট কথা মোহময়ী অভিনেত্ৰীৰ!

অসম চৰকাৰৰ কৰ্মচাৰী বিভাগৰ সচিব আই এ এছ জাদৱ শইকীয়াই জাননী জাৰি কৰাৰ পিছতে কাথাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।

২২ এপ্ৰিলত বিষয়াগৰাকীৰ বিৰুদ্ধে পত্নীৰ পৰিয়ালৰ লোকে শাৰীৰিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। এই সন্দৰ্ভত তেওঁৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ ৰুজু কৰা হয়। এখন এজাহাৰ দিছিল তেওঁৰ পত্নী লিণ্ডালী তেৰাংপি আৰু আনখন দিছিল তেওঁৰ জ্যেষ্ঠ ভগ্নীয়ে

ভগ্নীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে যে সন্ধিয়া প্ৰায় ৬.২০ বজাত কাথাৰে এখন বাহনৰ ভিতৰত বহি থকা অৱস্থাত তেওঁক প্ৰহাৰ কৰিছিল। নিজৰ পত্নীৰ কথা সুধি পত্নীৰ ভগ্নীক প্ৰহাৰ কৰিছিল কাথাৰে।

কেৱল এয়াই নহয়, তেওঁৰ পত্নীৰ মাতৃগৃহৰ ওচৰত শূন্যলৈ গুলীচালনা কৰাৰো অভিযোগ উত্থাপন কৰিছে ভগ্নীয়ে। ঘটনা সংঘটিত হোৱাৰ দিনাই এচিএছ বিষয়াজনৰ বিৰুদ্ধে ডিফু আৰক্ষী থানাত এফআইআৰ দাখিল কৰিছিল লিণ্ডালীৰ জ্যেষ্ঠ ভগ্নীয়ে।

লগতে পঢ়কঃ ৰাস্তাৰ কুকুৰৰ দলে কামুৰি ছিৰাছিৰ কৰি পেলালে মহিলাৰ শৰীৰ; ৰাতিপুৱাই কুকুৰৰ আক্ৰমণত মৃত্যু!

ইফালে, অসম আৰক্ষীয়ে ২৪ এপ্ৰিলত এই ঘটনা সংঘটিত হোৱাৰ পিছত পলাতক হৈ থকা কাথাৰক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে পত্নীৰ মাতৃগৃহৰ সন্মুখত গুলীচালনা কৰা ৰিভলভাৰটো জব্দ কৰা বুলি জানিবলৈ দিয়ে।

শনিবাৰে কাথাৰে অগ্ৰিম জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল। ইয়াৰ পূৰ্বে কাথাৰে কাৰ্বি আংলঙৰ ডিফু ন্যায়িক আদালতত অগ্ৰিম জামিনৰ বাবে আবেদন জনাইছিল যদিও ডিফু আদালতে সেই আবেদন নাকচ কৰিছিল।

লগতে পঢ়কঃ মাত্ৰ ৪১ বছৰ বয়সত ৬০০ সন্তান! যুৱকৰ শুক্ৰাণু দানত নিষেধাজ্ঞা জাৰি আদালতৰ