NORTHEAST NOW (Assamese)

ভয়ানক! উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সন্মুখতে ডিঙি কাটিলে এজন ব্যক্তিয়ে

April 4, 2024 10:07 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

কৰ্ণাটকত সংঘটিত হৈছে এক ভয়ানক কাণ্ড। উচ্চ ন্যায়ালয়ত গোচৰৰ শুনানি চলি থকা সময়ত ন্যায়াধীশৰ চকুৰ সমুখতে হঠাত চোকা অস্ত্ৰৰে নিজৰ ডিঙি কাটি আত্মহত্যাৰ চেষ্টা চলাই এজন ব্যক্তিয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি আদালতৰ ভিতৰত আত্মহত্যাৰ চেষ্টা কৰা ব্যক্তিজন হৈছে শ্ৰীনিবাস। তেওঁ মহীশূৰৰ বাসিন্দা। 

বুধবাৰে তেওঁ কৰ্ণাটক উচ্চ ন্যায়ালয়ত হাজিৰ হয়। হল ৱানৰ সন্মুখত থিয় হৈ থকা নিৰাপত্তাৰক্ষীসকলৰ হাতত ফাইল এটা দি তেওঁ পোনে পোনে আদালতৰ কক্ষত সোমাই যায়। তাৰপিছত চকুৰ পলকতে মুখ্য ন্যায়াধীশৰ সন্মুখত নিজে নিজৰ ডিঙিত চোকা অস্ত্ৰ হানে ব্যক্তিজনে। 

জানিব পৰা মতে সম্প্ৰতি শ্ৰীনিবাস চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীৰ মতে, ব্যক্তিজনৰ পৰা কোনো নোট উদ্ধাৰ কৰা হোৱা নাই যিয়ে হঠাতে কিয় এনে চৰম সিদ্ধান্ত লৈছিল সেই কথা বুজাব।

এই সমগ্ৰ ঘটনাত স্তম্ভিত হৈ পৰে মুখ্য ন্যায়াধীশ অঞ্জৰিয়া। উচ্চ ন্যায়ালয়ত এনে গাফিলতিৰ বাবে উদ্বেগ প্ৰকাশ কৰে ন্যায়াধীশ গৰাকীয়ে। চোকা অস্ত্ৰ লৈ ব্যক্তিজন কেনেকৈ আদালতত প্ৰৱেশ কৰিলে তাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ন্যায়াধীশে।

Related News