NORTHEAST NOW (Assamese)

ত্ৰাহি-মধুসূদন চীনৰ! : প্ৰলয়ংকৰী বানে খাদ্য সংকট নমাই আনিছে চুবুৰীয়া দেশ চীনত!

August 16, 2020 5:26 pm · এন ই নাও নিউজ
Updated: August 16, 2020 5:30 pm

সংকটে লগ নেৰা হৈছে বিশ্বৰ অন্যতম বৃহৎ ৰহস্যময়ী দেশ চীনক।

ক’ৰ’না সন্ত্ৰাসৰ পিছতে বাৰে বাৰে অহা প্ৰলয়ংকৰী বানত ত্ৰাহি-মধুসূধন আওৰাইছে চীনে।

আন্তাৰ্জাতিক সংবাদ মাদ্যমৰ খবৰ অনুযায়ী দেশখনত হৈ থকা প্ৰলয়ংকৰী বানৰ ফলত খাদ্য সংকটে দেখা দিছে চীনত।

চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে ‘খালী প্লেট অভিযান'(Clean Your Plate Campaign) নামৰ এক অভিযানৰ দ্বাৰা খাদ্য নষ্ট নকৰিবলৈ দেশবাসীক এক আহ্বান জনাইছে।

আনকি ৰাষ্ট্ৰপতিগৰাকীয়ে খাদ্য নিৰাপত্তাৰ আৰু সংকট সম্পৰ্কে দেশখনৰ নাগৰিকক সচেতন হৈ উঠিবলৈও আহ্বান জনাইছে।

ৰাষ্ট্ৰপতিৰ এই আহ্বানৰ পিছত চীনৰ চৰকাৰে দেশৰ খাদ্য নিৰাপত্তাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, চীনৰ দক্ষিণ প্ৰান্তত হোৱা প্ৰলয়ংকৰী বানত হাজাৰ হাজাৰ টন খাদ্য শস্য উটি গৈছে।

ইয়াৰ ফলত কিছু দিনৰ পিছতে দেশজুৰি খাদ্য শস্যৰ নাটনিয়ে দেখা দিব বুলি আশংকা কৰিছে দেশখনৰ বিশেষজ্ঞসকলে।

সেয়ে দেশখনৰ চৰকাৰে বিভিন্ন সংগঠনৰ জৰিয়তে দেশৰ নাগৰিকসকলক খাদ্য শস্য নষ্ট তথা অপচয় বন্ধ কৰিবলৈ অনুৰোধ জনাইছে।

Related News