NORTHEAST NOW (Assamese)

কৰ’না সংক্ৰমিত কৰি ভাৰতীয়সকলক হত্যাৰ নিৰ্দেশ সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ

July 27, 2020 4:16 pm · এন ই নাও নিউজ

আন্তৰ্জাতিক সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ (আই এছ) এইবাৰ লক্ষ্য হৈ পৰিছে ভাৰত। যিকোনো উপায়ে ভাৰতক ক্ষতিগ্ৰস্ত কৰাৰ বাবে তৎপৰ হৈ পৰিছে সন্ত্ৰাসবাদী সংগঠনটো।

নিজৰ জঘন্য, নিৰ্মম কাণ্ডৰ বাবে পৰিচিত এই সংগঠনটোৰ নতুন অস্ত্ৰ হৈছে কৰনা ভাইৰাছ।

সংগঠনটোৰ অনলাইন মেগাজিনত ইয়াৰ সমৰ্থক জেহাদীসকলককোভিডবাহকহোৱাৰ নিৰ্দেশ দিছে।

ইয়াৰ দ্বাৰা ভাৰতত ভয়ংকৰ ৰূপত এই মহামাৰী বিয়পাই দিয়াৰ পৰিকল্পনা কৰিছে আই এছে।

বাতৰি অনুসৰি, ইছলামিক ষ্টেটৰ অনলাইন মেগাজিনভইচ অফ হিন্দ ১৭ পৃষ্ঠাৰ এটা বিশেষ সংস্কৰণ প্ৰকাশ কৰা হৈছে।

ইয়াত ভাৰতত থকা জেহাদীসকলে কেনেদৰে ভাৰতীয়সকলৰ ক্ষতি কৰিব পাৰে তাৰ কেইবাটাও পৰামৰ্শ দিছে।

মেগাজিনখনৰ ভাৰ পেজত দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতৰ ছবি প্ৰকাশ কৰা হৈছে। লগতে দিল্লীৰ সাম্প্ৰদায়িক হিংসাৰ ছবিও দিয়া হৈছে। 

বাতৰিত কোৱা হৈছে যে মেগাজিনখনত সুযোগ পালেই ভাৰতীয়সকলক হত্যা কৰাৰ লগতে সকলো সময়তে নিজৰ লগত অস্ত্ৰ ৰখাৰ পৰামৰ্শ দিয়া হৈছে।

মেগাজিনখনত হত্যাৰ পদ্ধতি হিচাপে আটাইতকৈ সহজ বিকল্প কৰনা ভাইৰাছক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছে। যিমান পাৰিঅবিশ্বাসীসকলৰ মাজত ইয়াক বিয়পাই দিবলৈ কোৱা হৈছে।

তবলিগ জামাত আৰু মৌলানা ছাদক ছুপাৰ স্প্ৰেডাৰ হিচাপে উল্লেখ কৰি জামিয়া মিলিয়াৰ শিক্ষাৰ্থীসকলৰ গ্ৰেপ্তাৰৰ প্ৰতিশোধ বলৈ দিল্লী আৰক্ষীৰ লোকসলৰ মাজত এই ভাইৰাছ বিয়পাই দিয়াৰ পৰামৰ্শ দিয়া হৈছে।

সন্ত্ৰাসবাদী সংগঠন আই এছে ভাৰতক লক্ষ্য কৰি লোৱাৰ কথা চোৰাংচোৱাৰ প্ৰতিবেদনতো প্ৰকাশ পাইছে।    

Related News