NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত পুনৰ সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ: এজন সন্ত্ৰাসবাদী নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 1, 2023 3:12 pm
Terrorist Killed In Jammu-Kashmir

জম্মু-কাশ্মীৰত ক্ৰমশ: বৃদ্ধি পাইছে সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ। বিগত কিছুদিন ধৰি উপত্যকাটোত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত ধাৰাবাহিক সংঘৰ্ষৰ খবৰ প্ৰকাশ পাইছে।

আজি পুনৰ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হৈছে এজন অচিনাক্ত সন্ত্ৰাসবাদী। জিলাখনৰ আৰিহাল অঞ্চলৰ নিউ কলনীত বৃহস্পতিবাৰে সংঘৰ্ষৰ সৃষ্টি হৈছিল।

এই সংঘৰ্ষৰ পিছতে নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত থকা ফলৰ বাগিচাসমূহত উগ্ৰপন্থী বিৰোধী অভিযান আৰম্ভ কৰে বুলি কৰ্তৃপক্ষই সদৰী কৰিছে।

অভিযান অব্যাহত থকাৰ সময়তে আজি এজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰা হয় বুলি স্থানীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

অৱশ্যে নিহত সন্ত্ৰাসবাদীজনৰ পৰিচয় আৰু তেওঁ কোন সন্ত্ৰাসবাদী গোটৰ সদস্য, সেই সম্পৰ্কে এইপৰ্যন্ত নিশ্চিত হোৱা নাই বুলি তেওঁলোকে লগতে জানিবলৈ দিয়ে।

উল্লেখ্য যে, বিগত মাহত জম্মু-কাশ্মীৰত ভয়াৱহ হাৰত দেখিবলৈ পোৱা গৈছিল নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।

উপত্যকাটোৰ বিভিন্ন অঞ্চলত সূত্ৰপাত হোৱা এই সংঘৰ্ষসমূহত কেইবাজনো সন্ত্ৰাসবাদীৰ লগতে নিৰাপত্তাৰক্ষীয়েও প্ৰাণ হেৰুৱাইছিল।

তাৰ ভিতৰত যোৱা ২৩ নৱেম্বৰত ৰাজৌৰী জিলাত সূত্ৰপাত হোৱা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষত সেনাৰ দুগৰাকী বিষয়াৰ লগতে দুগৰাকী জোৱান নিহত হৈছিল।

আনহাতে আন তিনিজন জোৱান এই সংঘৰ্ষত আহত হোৱা বুলি সেনাৰ কৰ্তৃপক্ষই সদৰী কৰিছিল। আনহাতে তাৰ এসপ্তাহ পূৰ্বে কুলগামত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছিল ৫ সন্ত্ৰাসবাদী সদস্য।