NORTHEAST NOW (Assamese)

বিৰাট কোহলি, ক্ৰিছ গেইলৰ খেল চাবলৈ সাজু তেজপুৰৰ ৮ হাজাৰ ক্ৰিকেট প্ৰেমী

April 26, 2019 11:00 am · এন ই নাও নিউজ
বিৰাট কোহলি আৰু ক্ৰিছ গেইলৰ ফাইল ফটো।

তেজপুৰত একেলগে ৮ হাজাৰ ক্ৰিকেটপ্ৰেমীয়ে উপভোগ কৰিব আই পি এলৰ খেল। ক্ৰিকেট ষ্টেডিয়ামৰ দৰে একেই অনুভুতিৰে ক্ৰিকেটপ্ৰেমীয়ে উপভোগ কৰিব পাৰিব আই পি এলৰ তীব্ৰ উত্তেজনাপূৰ্ণ ৰোমাঞ্চকৰ খেলকেইখন।

২৭ আৰু ২৮ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ৰাজস্থান ৰয়েলছ বনাম ছানৰাইজাৰ্ছ হাইদৰাবাদ, দিল্লী কেপিটেলছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আৰু কলকতা নাইট ৰাইডাৰ্ছ বনাম মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলকেইখন উপভোগ কৰাৰ বাবে ইতিমধ্যে তেজপুৰৰ ঐতিহাসিক প’ল’ খেলপথাৰখন সজাই তোলা হৈছে।

দেশৰ ক্ৰিকেটপ্ৰেমী সকলক ক্ৰিকেট ষ্টেডিয়ামৰ আমোদ দিয়াৰ লক্ষ্যৰে আই পি এলৰ মুখ্য স্প’নছৰ ভিভোই দেশৰ বিভিন্ন স্থানত ফেন পাৰ্ক স্থাপন কৰি বৃহৎ স্ক্ৰীণত খেল উপভোগ কৰাৰ সুবিধা কৰি দিছে।

ইতমধ্যে তেজপুৰত সজাই তোলা ফেন পাৰ্কত আই পি এলৰ খেল উপভোগ কৰাৰ বাবে স্থানীয় লোকসকল ব্যগ্ৰ হৈ আছে। ফেন পাৰ্কত দৰ্শক সকলে বিনামূলীয়াকৈ খেল উপভোগ কৰাৰ লগতে বিভিন্ন ধৰণৰ খাদ্য  সামগ্ৰীৰ সোৱাদ ল’ব পাৰিব।

উল্লেখযোগ্য যে, ফেন পাৰ্কত খেল উপভোগ কৰিব বিচৰা দৰ্শক সকলে খেল আৰম্ভ হোৱাৰ দুঘণ্টা পূৰ্বে ফেন পাৰ্কত প্ৰবেশ কৰিব লাগিব। আঠ হাজাৰ দৰ্শকে একেলগে বহি খেল চাব পৰা সুবিধা থকা ফেন পাৰ্কত শিশু সকলৰ বাবে বিষেশ আসনৰ ব্যৱস্থা আছে।

তেজপুৰৰ পূৰ্বে যোৰহাট, ডিব্ৰুগড় আদিতো ফেন পাৰ্কৰ জড়িয়তে ক্ৰিকেটপ্ৰেমী সকলক আই পি এলৰ খেল দেখুৱা হৈছিল।

Related News