NORTHEAST NOW (Assamese)

তেজপুৰ বিশ্ববিদ্যালয়ে দুবছৰত ক্ৰয় কৰা নাই এখনো অসমীয়া কিতাপ!  শিক্ষকসকলৰ দাবী…

October 30, 2025 9:16 am · এন ই নাও নিউজ, গুৱাহাটী

তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা উত্তেজনা চলি থকাৰ সময়তে আন এক অভিযোগ উত্থাপিত হৈছে। শেহতীয়া কৈ প্ৰকাশিত তথ্য অনুসৰি শিক্ষকসকলে  উল্লেখ কৰিছে যে বিশ্ববিদ্যালয়ত বিদ্যালয়খনে ধন আবণ্টন দিয়াৰ পিছটো বিগত দুবছৰত এখনো অসমীয়া কিতাপ ক্ৰয় কৰা নাই।

এই সন্দৰ্ভত তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাই এক বিবৃতিত উল্লেখ কৰে যে ২০২৪-২৫ বিত্তীয় বৰ্ষত বিশ্ববিদ্যালয়খনে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা ৬৫০ লাখ টকা লাভ কৰিছিল। এই ধন কিতাপ, জাৰ্নেল, কম্পিউটাৰ, পৰীক্ষাগাৰ, আন্তগাথনি উন্নয়নৰ বাবে অনুমোদন কৰিছিল।

মুঠ অনুদানৰ ৫৭১.৯৭ লাখ টকা কেৱল কিতাপ আৰু আলোচনীৰ বাবে অনুমোদন কৰা হৈছিল। বিশ্ববিদ্যালয়খনে এই ধনৰ বাবে ৪৫৫.৬০ লাখ ব্যয় কৰিছিল যিটো আাছিল মুঠ ধনৰ প্ৰায় ৭০%। অৱশ্যে এইধনৰ এটকাও অসমীয়া কিতাপ ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰা নাছিল। বিবৃতিটোত কোৱা হৈছে যে অসমীয়া বিভাগত ১৪৬খন কিতাপৰ বাবে ২.৯১ লাখ টকা অনুমোদন কৰা হৈছিল, তথাপিও এখনো কিতাপ ক্ৰয় কৰা হোৱা নাছিল।

তেওঁলোকে আৰু কয় যে বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈকে এই সমস্যা অব্যাহত আছিল। বাজেট বৃদ্ধিৰ বাবে শিক্ষকসকলে স্থানীয় অসমীয়া কিতাপ অন্তৰ্ভুক্ত কৰিবলৈ বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো বিশ্ববিদ্যালয়খনে কোনো ব্যাৱস্থা গ্ৰহণ নকৰিলে।

বিবৃতিটোত আৰু উল্লেখ কৰা হৈছে যে অসমীয়া ভাষাৰ প্ৰতি এই ধৰণৰ অৱহেলাই আমাক প্ৰশ্ন উত্থাপন কৰিছে যে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই সঁচা অৰ্থত কি চিন্তা কৰে।

ইয়াৰো পৰি বিশ্ববিদ্যালয়ৰ পুথিভঁৰালত আঞ্চলিক সাহিত্যৰ প্ৰচাৰৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে শিক্ষকসকলে।

Related News