NORTHEAST NOW (Assamese)

কণ্ঠৰুদ্ধ কৰা ব্যৱস্থাৰ অংশ আৰু হ’ব নোৱাৰি! প্ৰতিবাদৰ মাজতে পদত্যাগ জনসংযোগ বিষয়াৰ

September 24, 2025 2:54 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 24, 2025 2:55 pm

তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা উত্তাল পৰিস্থিতিৰ মাজতেই জনসংযোগ বিষয়া সমৰেশ বৰ্মনে পদত্যাগৰ ঘোষণা কৰে। “নৈতিক চিন্তা” আৰু “বিবেকৰ সংঘৰ্ষ”ৰ কথা উল্লেখ কৰি তেওঁ উপাচাৰ্যক দাখিল কৰা পদত্যাগ পত্ৰত অভিযোগ তোলে যে বিশ্ববিদ্যালয় প্ৰশাসনে প্ৰতিষ্ঠান আৰু ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ পৰিৱৰ্তে ব্যক্তিগত স্বাৰ্থক অগ্ৰাধিকাৰ দিছে। বৰ্মনে মন্তব্য কৰে, “মই আৰু কণ্ঠ স্তব্ধ কৰাৰ ব্যৱস্থাৰ অংশ হ’ব নোৱাৰো,” যদিও তেওঁ সেৱা আগবঢ়োৱাৰ সুযোগৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

এই পদত্যাগৰ ঘটনাই বিশ্ববিদ্যালয়খনত চলি থকা উত্তেজনাক অধিক তীব্ৰতৰ কৰি তুলিছে। গায়ক জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ ৰাজ্যব্যাপী ঘোষিত তিনিদিনীয়া শোক কাৰ্যসূচীৰ মাজতেই বিশ্ববিদ্যালয়ে ২১ ছেপ্টেম্বৰত ছাত্ৰ পৰিষদৰ নিৰ্বাচন আয়োজন কৰাৰ সিদ্ধান্ত লোৱাত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে। ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে এই পদক্ষেপক সংবেদনহীন বুলি অভিহিত কৰিছে। উপাচাৰ্যই সাংস্কৃতিক সংবেদনশীলতাৰ প্ৰতি ছাত্ৰসকলৰ অনুৰোধ খাৰিজ কৰাৰ ফলত ছাত্ৰছাত্ৰীসকলে কেম্পাছত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে বন্তি প্ৰজ্বলন অনুষ্ঠানৰ লগতে  উপাচাৰ্যক ক্ষমা বিচাৰিবলৈও দাবী জনায়। সংবাদ মাধ্যমৰ আগত এজন ছাত্ৰই কয়, “আমি মাত্ৰ জুবিন দাক সন্মান জনাব বিচাৰিছিলো। কিন্তু প্ৰশাসনে বিশ্ববিদ্যালয়ত ৩ অক্টোবৰলৈকে বন্ধ ঘোষণা কৰিলে, বৃত্তি বিলম্ব কৰিলে, ৱাই-ফাই বন্ধ কৰিলে আৰু মেছ ফেচিলিটি বন্ধ হ’ব পাৰে বুলিও ভয় দেখুৱালে।

ছাত্ৰসকলে অভিযোগ কৰিছে যে প্ৰতিবাদ দমন কৰিবলৈ শৰৎকালীন বন্ধও আগবঢ়াই ২৪ ছেপ্টেম্বৰত আৰম্ভ কৰা হৈছিল। সমালোচকসকলে উল্লেখ কৰিছে যে আঞ্চলিক অনুষ্ঠানৰ বাবে ছুটি বিৰল হ’লেও বিশ্ববিদ্যালয় খনে মতানৈক্যক দমন কৰিবলৈ দ্ৰুত সিদ্ধান্ত লৈছে।

উল্লেখ্য যে শিক্ষক সন্থাই ছাত্ৰ-ছাত্ৰীসকলক দৃঢ় হৈ থিয় দিবলৈ আহ্বান জনাইছে। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু পৰ্যবেক্ষকসকলে উপাচাৰ্য সিঙৰ নেতৃত্বত বিশ্ববিদ্যালয়খনত উদ্ভৱ হোৱা একাধিক সমস্যাৰ ওপৰত আঙুলিয়াই দিছে। ইয়াৰ ভিতৰত আছে বৃত্তি প্ৰদানত বিলম্ব, দুৰ্বল আন্তঃগাঁথনি, সঘনাই বিদ্যুৎ কৰ্তন, শৈক্ষিক মানদণ্ড হ্ৰাস আৰু আৰ্থিক অনিয়মৰ অভিযোগো উত্থাপন কৰিছে।

Related News