NORTHEAST NOW (Assamese)
Popular Stories

প্ৰধানমন্ত্ৰীলৈ প্ৰত্ৰ প্ৰেৰণ গৌৰৱ গগৈৰ নিজা পদক্ষেপ! স্পষ্টীকৰণ তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 26, 2025 7:39 pm

তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা প্রশাসনিক অচলাৱস্থাৰ মজতে, কংগ্ৰেছ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰা কথিত পত্ৰক কেন্দ্র কৰি সৃষ্টি হোৱা বিভ্ৰান্তিৰ পৰিপ্রেক্ষিতত শিক্ষক সংগঠনে এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ জাৰি কৰিছে।

তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সংঘ (টিউটিএ) আৰু তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সংঘৰ যুটীয়া সমন্বয় সমিতিয়ে এক যৌথ বিবৃতিৰ জৰিয়তে স্পষ্টভাৱে জনায় যে গৌৰৱ গগৈৰ সৈতে কোনো সদস্য বা সংগঠনে এই সন্দৰ্ভত কোনো যোগাযোগ অথবা সাক্ষাৎ কৰা নাই।

উল্লেখ্য যে উপাচাৰ্য শম্ভু নাথ সিংৰ বিৰুদ্ধে দুৰ্নীতি, ক্ষমতাৰ অপব্যৱহাৰ আৰু নীতিবৰ্হিভূত কাৰ্যত লিপ্ত থকাৰ অভিযোগক কেন্দ্ৰ কৰি বিগত কিছুদিন ধৰি তেজপুৰ বিশ্ববিদ্যালয়ত উত্তেজনাময় পৰিস্থিতি বিৰাজ কৰিছে। বিশ্ববিদ্যালয়খনৰ শিক্ষক, গৱেষক, অশিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে উপাচাৰ্যৰ অপসাৰণৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে।

লগতে শিক্ষক সংগঠনে উল্লেখ কৰিছে যে যে “এই দীৰ্ঘসময় ধৰি চলি থকা অচলাৱস্থাৰ বাবে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিবেশ, আৰ্থিক ব্যৱস্থাপনা আৰু গৱেষণা-কাৰ্য্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে। বিশ্ববিদ্যালয়খনৰ সুনাম ক্ষুণ্ণ হোৱাৰ লগতে জনসাধাৰণৰ দৃষ্টিত ইয়াৰ বিশ্বাসযোগ্যতা ম্লান হৈছে।”

শেহতীয়া এক সংবাদ প্ৰতিবেদনত প্ৰকাশ পাইছিল যে গৌৰৱ গগৈয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষক সংগঠনসমূহৰ অভিযোগৰ ভিত্তিতেই প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। কিন্তু এই দাবী খণ্ডন কৰি শিক্ষক সংগঠনে স্পষ্টভাৱে কয় যে

“এই বিষয়ে গৌৰৱ গগৈৰ সৈতে প্ৰতক্ষ্যভেৱে কোনো সংগঠন বা প্ৰতিনিধিয়ে কথা পাতি আন্দোলন তীব্ৰ কৰাৰ অনুৰোধ কৰিছে বুলি যি দাবী তোলা হৈছে, সেয়া ভ্ৰান্ত আৰু বাস্তৱতাহীন।”

তেওঁলোকে স্পষ্ট কৰি দিয়ে যে সাংসদ গৌৰৱ গগৈয়ে নিজেই অসমৰ দায়িত্বশীল নাগৰিক তথা লোকপ্ৰতিনিধি হোৱাৰ নিদৰ্শন স্বৰূপে তেজপুৰ বিশ্ববিদ্যালয়ৰ বিষয়ে নিজাববীয়াকৈ প্ৰধানমন্ত্ৰীৰ দৃষ্টি আকর্ষণ কৰিছে।

গৌৰৱ গগৈৰ প্রচেষ্টাক শিক্ষক সংগঠনে আদৰণিন জনাই কয় যে “তেজপুৰ বিশ্ববিদ্যালয়ৰ স্বচ্ছতা আৰু ন্যায় পুনঃস্থাপনৰ লক্ষ্যৰে তেওঁৰ এই পদক্ষেপ জনস্বার্থমূলক। দেশৰ অন্যান্য উচ্চ শিক্ষানুষ্ঠানৰ দৰে তেজপুৰ বিশ্ববিদ্যালয়ো অখণ্ডতা সংৰক্ষণৰ যোগ্য।” লগতে তেওঁলোকে বিশ্ববিদ্যালয়ৰ শৈক্ষিক অখণ্ডতা, স্বচ্ছতা আৰু গৱেষণা-শৈক্ষিক পৰিবেশ ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ বুলি মত প্ৰকাশ কৰে।