NORTHEAST NOW (Assamese)

কপাল! তিমিৰ বমি বুটলি আনি নিশাৰ ভিতৰতে কোটিপতি হ’ল এইগৰাকী মহিলা

March 5, 2021 12:02 pm · এন ই নাও নিউজ

কপালত থাকিলে ধনী হ’বলৈ বৰ বেছি সময় নালাগে। জনসমাজত প্ৰচলিত এনে ধাৰণাকে সত্য প্ৰমানিত কৰি নিশাৰ ভিতৰতে ধনী হৈ পৰিল এগৰাকী মহিলা।

থাইলেণ্ডৰ সাগৰৰ উপকূলত ঘৰ তেওঁৰ। সেয়েহে সময় কটাবলৈ সাগৰৰ পাৰেৰে খোজ দিছিল ৪৯ বছৰীয়া ছিৰিপৰ্ণ ন্যামৰিন নামৰ মহিলাগৰাকীয়ে।

সেইদৰে আগবাঢ়ি যাওতে হঠাৎ পানীৰ ঢৌত ভাহি আহিল এটি আজৱ বস্তু য’ৰ পৰা মাছৰ দৰে গোন্ধ ওলাই আহিছিল।

মহিলাগৰাকীয়ে সেইটো ঘৰলৈ লৈ অহাৰ পাছত চুবুৰীয়া তথা আন লোকে জানিব পাৰে যে সেইটো আন নহয়, বহু মূল্যবান ‘তিমিৰ বমি’ যাক এম্বাৰগ্ৰিছ নামেৰে জনা যায়।

বাতৰি অনুসৰি, ন্যামৰিনে পোৱা এম্বাৰগ্ৰিছটোৰ বজাৰ মূল্য ২,৫০,০০০মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ২ কোটি টকা।  মহিলাগৰাকী থাইলেণ্ডৰ নাখন ছি থম্মাৰাট প্ৰদেশৰ বাসিন্দা। তেওঁ পোৱা এম্বাৰগ্ৰিছটো ১২ ইঞ্চি বহল আৰু ২৪ ইঞ্চি দীঘল।

এম্বাৰগ্ৰিছ বা ‘তিমিৰ বমি’ আচলতে বিশ্বৰ বৃহত্তম স্তন্যপ্ৰায়ী প্ৰাণীৰ দেহৰেই এটা অংশ। ইয়াক ‘উপঙি থকা সোণ’ তথা ‘সমুদ্ৰৰ গুপ্তধন’ বুলিও কোৱা হয়।

সাধাৰণতে ‘স্পাৰ্ম হোয়েল’ৰ শৰীৰত এই বস্তুটো সৃষ্টি হয়। তাৰ পৰাই বমিৰ জৰিয়তে সাগৰত মিহলি হয়। প্ৰথমতে ইয়াৰ পৰা মাছৰ দৰে গোন্ধ ওলালেও পাছত অতি সুন্দৰ গোন্ধ ওলায়।

ইয়াৰ পৰাই এক সুগন্ধি তৈয়াৰ কৰা হয়। আন্তৰ্জাতিক বজাৰত এম্বাৰগ্ৰিছৰ মূল্য বহুত বেছি।

Related News