NORTHEAST NOW (Assamese)
অসম

দক্ষিণৰ ছুপাৰষ্টাৰ থালাপতি বিজয়ৰ শেষ উপহাৰ; ‘জন নায়গণ’ ছবিৰে অভিনয়ক বিদায়!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 28, 2025 3:15 pm

দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ ছুপাৰষ্টাৰ থালাপতি বিজয়ে অভিনয়ৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে! তেওঁৰ ৬৯ সংখ্যক ছবি ‘জন নায়গণ’ হ’ব তেওঁৰ অন্তিমখন ছবি। এতিয়া তেওঁ পূৰ্ণদ্যোমে ৰাজনীতিত যোগদান কৰিছে।

১৯৮৪ চনত ‘ভেত্ৰী’ চিনেমাৰ জৰিয়তে শিশু শিল্পী হিচাপে অভিনয় জীৱন আৰম্ভ কৰা বিজয়ে দীৰ্ঘদিন ধৰি দক্ষিণ ভাৰতীয় চিনেমাৰ অন্যতম শ্ৰেষ্ঠ অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰি আহিছে। ‘কুছি’, ‘পাক্কিৰি’, ‘মাৰ্ছাল’কে ধৰি কেইবাখনো ছুপাৰহিট ছবিৰে তেওঁ দৰ্শকৰ হৃদয়ত স্থান দখল কৰিছে। তেওঁৰ শেহতীয়া মুক্তিপ্ৰাপ্ত ছবি ‘গোট: গ্ৰেটেষ্ট অৱ অল টাইম’য়ে বক্স অফিচত প্ৰথম দিনাই ১০০ কোটি টকা উপাৰ্জন কৰে।

বিজয়ে ‘জন নায়গণ’ চিনেমাত ৰাজনৈতিক নেতাৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। ইতিমধ্যে ছবিখনৰ ফাৰ্ষ্ট লুক মুকলি কৰা হৈছে, য’ত তেওঁক বগা পোছাক পিন্ধি ভিৰৰ মাজত থিয় হৈ থকা দেখা গৈছে। এই চিনেমাখনৰ পৰিচালনা কৰিছে এইচ বিনোদে। ছবিখনত পূজা হেগড়ে, মমিতা বাইজু আৰু ববি দেওলেও অভিনয় কৰিব। জনপ্ৰিয় সংগীত পৰিচালক অনিৰুদ্ধ ৰবিচন্দনে ছবিখনৰ সংগীত দিব।

ইতিমধ্যে বিজয়ৰ ৰাজনৈতিক দল গঠন হোৱাৰ লগতে তেওঁ কেইবাখনো ৰাজহুৱা সভা অনুষ্ঠিত কৰিছে। জনসাধাৰণৰ পৰা অভূতপূৰ্ব সঁহাৰি লাভ কৰি তেওঁ ৰাজনীতিত অধিক গুৰুত্ব দিব বিচাৰিছে।

এই চিনেমাখন বিজয়ৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ হিট হ’বনে? এই প্ৰশ্নৰ উত্তৰ মুক্তিৰ পিছতহে পোৱা যাব। অৱশ্যে দৰ্শকে নিশ্চিতভাৱে নিজৰ প্ৰিয় তাৰকাক শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত দেখাৰ বাবে আগ্ৰহী।