NORTHEAST NOW (Assamese)
শিক্ষা

সামৰণি পৰিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী গোটৰ একাদশ বিশ্ববিদ্যালয় সপ্তাহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 2, 2025 6:17 pm

শিক্ষাৰ্থীৰ শাৰীৰিক-মানসিক-বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে আয়োজিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গুৱাহাটী গোটৰ একাদশ বিশ্ববিদ্যালয় সপ্তাহৰ যোৱা নিশা সফল সামৰণি পৰে ।

দুপৰীয়া ১২ বজাৰ পৰা বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত  আয়োজিত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান বিশ্ববিদ্যালয় সংগীতেৰে শুভাৰম্ভ হোৱাৰ লগতে অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° শৰৎ হাজৰিকাই।

এই বঁটা বিতৰণী আৰু মুকলি সভাত মুখ্য অতিথি হিচাপে অংশলৈ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকা, উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, পঞ্জীয়ক ড° শৰৎ হাজৰিকাসমন্বয়ক কুশল ঠাকুৰীয়া, অৰ্জুন বঁটা প্ৰাপক খেলুৱৈ তথা অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক নয়নমনি শইকীয়াই শ্ৰেষ্ঠ নিৰ্বাচিতসকলক অভিনন্দন আৰু বঁটা প্ৰদান কৰে৷

এই অনুষ্ঠানতে একাদশ বিশ্ববিদ্যালয় সপ্তাহৰ প্ৰতিবেদন পাঠ কৰে উদযাপন সমিতিৰ সভাপতি ড° দিবাকৰ শৰ্মাই ৷ একাদশ বিশ্ববিদ্যালয় সপ্তাহত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে ইংৰাজী বিভাগৰ ছাকিল আহমেদ (লৰা শাখা), শ্ৰেষ্ঠ খেলুৱৈ ইংৰাজী বিভাগৰ হেমা দলে (ছোৱালী শাখা), শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাপে পৰিৱেশ্য কলা বিভাগৰ ত্ৰিবেণী মহন্ত, শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হিচাপে আইন অধ্যয়ন বিভাগৰ ছাহানা য়াচমিন চুলতানা বৰা নিৰ্বাচিত হয়।

বিশ্ববিদ্যালয়খনৰ সহ: পঞ্জীয়ক মৃণাল কুমাৰ গগৈয়ে আঁতধৰা অনুষ্ঠানত বিয়লিলৈ আয়োজিত সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰে জনপ্ৰিয় কণ্ঠশিল্পী পদ্মনাভ বৰদলৈ আৰু অংশ লয় বেহাৰবাৰী আউটপষ্ট ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা অশ্বিনী ডেকাই।

উল্লেখযোগ্য, যোৱা ২৪ ফেব্ৰুৱাৰীত নেহেৰু ষ্টেডিয়ামত বিশ্ববিদ্যালয় সপ্তাহৰ শুভ উদ্বোধন কৰিছিল মিষ্টাৰ ইউনিভাৰচ গোলাপ ৰাভাই৷ বিশ্ববিদ্যালয় সপ্তাহৰ সফল সামৰণিত আয়োজক সমিতিৰ হৈ সভাপতি ড° দিবাকৰ শৰ্মা, কাৰ্যকৰী সভাপতি ড° উজ্বল অৰুণ মাস্কে, সম্পাদকদ্বই প্ৰিয়ংকা শৰ্মা আৰু জ্যোতি শংকৰ শৰ্মাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে ৷