NORTHEAST NOW (Assamese)

২০২৫ বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা মনেশ্বৰ দেউৰীলৈ, যুৱ সাহিত্য বঁটা স্ৰোতস্বিনী তামুলীলৈ

November 15, 2025 9:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 15, 2025 8:53 pm

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ বৈশিষ্ট্যময় পৃথিৱীখনৰ এক গভীৰ দৰ্শন আজি লাভ কৰিলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত আয়োজিত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱত উপস্থিত সাহিত্যনুৰাগীসকলে। মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ২০২৫ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত কলাগুৰুৰ বৰেণ্য জীৱনৰ ওপৰত এক সাৱলীল বৰ্ণনা আগবঢ়াই কলাগুৰুৰ পুত্ৰ, স্বনামধন্য অভিনেতা, নাট্যকাৰ পৃথ্বীৰাজ ৰাভাই। ইফালে, আজি ঘোষণা কৰা হল ২০২৫ বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা। অসমৰ এগৰাকী বিশিষ্ট গৱেষক-সাহিত্যিকলৈ প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা২০২৫ আগবঢ়োৱাৰ লগতে এগৰাকী উদীয়মান গল্পকাৰলৈ আগবঢ়োৱা হল ২০২৫ বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা।

এক বিবৃতি যোগে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ২০২৫ৰ আয়োজক সমিতিৰ সভাপতি ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু সাধাৰণ সম্পাদক বিক্ৰম কলিতাই জনোৱা মতে, তিৱা সমাজ, সাহিত্য, সংস্কৃতি তথা ইতিহাসৰ গৱেষক পণ্ডিত, বিশিষ্ট নিবন্ধকাৰ, ২০ খনতকৈও অধিক গ্ৰন্থৰ লেখক মনেশ্বৰ দেউৰীলৈ আগবঢ়োৱা হৈছে ২০২৫ বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা। অসম অসামৰিক সেৱাৰ চাকৰি ইস্তাফা দি সাহিত্য, সাংবাদিকতাত একানপতীয়াকৈ মনোনিৱেশ কৰি অসমীয়া সাহিত্যৰ ভড়াল টনকিয়াল কৰা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ মনেশ্বৰ দেউৰী ডাঙৰীয়ালৈ প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা আগবঢ়াবলৈ পায় আয়োজক সমিতি বাৰুকৈয়ে আহ্লাদিত। একেদৰে, অসমীয়া সাহিত্যৰ এগৰাকী উদীয়মান গল্পকাৰ, জালখাৰ শীৰ্ষক গল্প সংকলনৰ স্ৰষ্টা, বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী স্ৰোতস্বিনী তামুলীলৈ আগবঢ়োৱা হৈছে প্ৰাগজ্যোতিষপুৰ যুৱ সাহিত্য বঁটা।

কালিৰে পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত অনুষ্ঠিত তিনিদিনীয়া প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ২০২৫ৰ আজিৰ কাৰ্যসূচীসমূহত সাহিত্যনুৰাগীৰ অংশগ্ৰহণ আছিল উৎসাহজনক। বিশেষকৈ, লেখক, নিবন্ধকাৰ নয়নজ্যোতি ভট্টাচাৰ্য‌ই আঁত ধৰা ‘কলাগুৰু বিষ্ণু ৰাভাৰ সন্ধানত শীৰ্ষক ‘কথোপকথন অনুষ্ঠানতটো আছিল এক মননশীল অনুষ্ঠান। কলাগুৰুৰ পুত্ৰ, স্বনামধন্য অভিনেতা-নাট্যকাৰ পৃথ্বীৰাজ ৰাভাই নিজৰ অনন্য বৰ্ণনাশৈলীৰে দৰ্শকৰ সন্মুখত যেন জীৱন্ত ৰূপত প্ৰতিফলিত কৰিলে কলাগুৰুৰ বৰেণ্য জীৱনটো। এগৰাকী মেধাৱী ছাত্ৰৰ পৰা শিল্পীলৈ, এগৰাকী শিল্পীৰ পৰা বিপ্লৱীলৈ বিষ্ণু প্ৰসাদ ৰাভাৰ বৈশিষ্ট্যময় জীৱনটোক দৰ্শকৰ আগত তুলি ধৰিলে পুত্ৰ পৃথ্বীৰাজ ৰাভাই। ‘তিনিজন গুৰুৰ ওচৰত সমৰ্পিত আছিল বিষ্ণু ৰাভা- শ্ৰীকৃষ্ণ, শ্ৰীমন্ত শংকৰদেৱ আৰু লিঅনাৰ্ড দা ভিন্সি– কথোপকথনত উল্লেখ কৰে পৃথ্বীৰাজ ৰাভাই। প্ৰেক্ষাগৃহৰ কাহ পৰি জীন যোৱা এক পৰিৱেশৰ মাজত নাট্যকাৰ-অভিনেতা পৃথ্বীৰাজ ৰাভাই পিতৃ বিষ্ণু প্ৰসাদ ৰাভাৰ ব্যক্তিগত জীৱনৰ লগতে তেখেতৰ বৈপ্লৱিক তথা সৃষ্টিৰাজিৰ জগতখনৰ বিভিন্ন দিশ সাৱলীলভাৱে দাঙি ধৰে।

আজিৰ কাৰ্যসূচীতে অসমৰ পাঠ্য সাংবাদিকতাৰ ভবিষ্যত আৰু অসমৰ নাট্য সাহিত্যক লৈ দুখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ‌ও অনুষ্ঠিত হয়। ‘অসমীয়া ভাষা সাহিত্যৰ সম্প্ৰসাৰণ আৰু সাংবাদিকতা শীৰ্ষক আলোচনা সত্ৰত জেষ্ঠ সাংবাদিকসকল ক্ৰমে দিলীপ চন্দন, বেদব্ৰত দেৱ মিশ্ৰ, নৱ ঠাকুৰীয়া আৰু বিদ্যুৎ কুমাৰ ভূঞাই অসমীয়া পাঠ্য সাংবাদিকতাৰ ভবিষ্যত সন্দৰ্ভত আলোকপাত কৰে। অসমৰ বহু বিখ্যাত গল্পকাৰ, নিবন্ধকাৰ, সাহিত্যিকৰ সাহিত্য কৰ্মৰ প্ৰাৰম্ভিক ভেটি অসমীয়া বাতৰি কাকত, আলোচনীৰ পৃষ্ঠাতে গঢ় লৈছিল। সাম্প্ৰতিক সময়ত ডিজিটেল মিডিয়াৰ আগ্ৰাসন তথা অন্যান্য বিভিন্ন কাৰকৰ বাবে যদিও ভাষা-সাহিত্যৰ শুদ্ধতা ধৰি ৰখাত অসমৰ সাংবাদিকতা কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তথাপি অদূৰ ভৱিষ্যতে পাঠ্য সাংবাদিকতাই হেৰুৱা গৌৰৱ ওভতাই পাব বুলি আলোচনা সত্ৰখনত আশা প্ৰকট কৰা হয়।

অসমীয়া নাট্য শিল্পৰ ধাৰা: অংকীয়া ভাওনাৰ পৰা ভ্ৰাম্যমাণলৈ শীৰ্ষক দ্বিতীয়খন আলোচনা সত্ৰত অসমত নাটকৰ এটা ধাৰা যে এতিয়াও সৃষ্টি হোৱা নাই সেই সন্দৰ্ভত এক বিশ্লেষণাত্মক আলোচনা আগবঢ়াই কেবাজনো নাট্যকৰ্মীয়ে। বিশিষ্ট অভিনেত্ৰী পাকিজা বেগম, ৰজত কমল বঁটা বিজয়ী চলচ্চিত্ৰ পৰিচালক, নাট্যকাৰ কৃপাল কলিতা, নাট্যকাৰ-পৰিচালক পংকজ জ্যোতি ভূঞা আৰু অভিনেতা, নাট্যকাৰ হিল্লোল কুমাৰ পাঠকে অংশগ্ৰহণ কৰা আলোচনা সত্ৰত  অংকীয়া ভাওনাৰ সময়ৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰলৈ অসমত অভিনয় শিল্পৰ বিকাশ হৈছে যদিও অসমীয়া নাট্য শিল্প‌ই নিজস্ব এক ধাৰাৰ সৃষ্টি কৰিব নোৱাৰাত দুখ প্ৰকাশ কৰে। বৰ্তমানে সমালোচনাৰ সন্মুখীন হলেও অসমৰ নাট্য জগতলৈ ভ্ৰাম্যমাণৰ অৱদানো যথেষ্ট আছে বুলি আলোচনা সত্ৰত মত প্ৰকাশ কৰা হয়। আজিৰ অনুষ্ঠানত কাব্য কাবেৰী শীৰ্ষক কবিতাৰ এক অনুষ্ঠানত ৰাজ্যৰ কেবাজনো ন-পুৰণি কবিয়ে কবিতাৰ মাজেৰে অনুৰাগীক আপ্লুত কৰে।

কাইলৈ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহতে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ২০২৫ৰ অন্তিম দিনৰ কাৰ্যসূচী সমূহ অনুষ্ঠিত হব। কাইলৈ, বিশিষ্ট প্ৰকৃতিবিদ সৌম্যদীপ দত্তৰ সঞ্চালনাত প্ৰকৃতি সাহিত্য সম্পৰ্কীয় এক কৰ্মশালা, অনুবাদ সাহিত্য সন্দৰ্ভত এক আলোচনা সত্ৰৰ লগতে ঔপন্যাসিক ‘বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সৃষ্টিৰাজি- এক আলোক সন্ধানী যাত্ৰা শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত হব। সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক ডা° অপূৰ্ব কুমাৰ শইকীয়া মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিবলগীয়া বিয়লি ৪ বজাৰ পৰা আয়োজিত সামৰণি অনুষ্ঠানত প্ৰদান কৰা হব ২০২৫ বৰ্ষৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য বঁটা।

Related News