NORTHEAST NOW (Assamese)

গুৱাহাটীত আজিৰ পৰা খেলো ইণ্ডিয়া য়ুথ গেইমছ

January 10, 2020 11:47 am · এন ই নাও নিউজ

ৰাজ্যৰ সৰ্বত্ৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ তথা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈ থকাৰ মাজতে আজিৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব তৃতীয় সংখ্যক খেলো ইণ্ডিয়া য়ুথ গেইমছ।

১০ জানুৱাৰিৰ পৰা ২২ জানুৱাৰিলৈ চলিব লগীয়া বৃহৎ প্ৰতিযোগিতাখন আজি সন্ধিয়া কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে উদ্বোধন কৰিব।

উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম গৌৰৱ তাৰকা স্প্ৰীণ্টাৰ হিমা দাস উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে দেশৰ উদীয়মান খেলুৱৈ সকলক চিনাক্তকৰণ তথা উদগণি প্ৰদানৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী মোদীয়ে তিনিবছৰ পূৰ্বে খেলো ইণ্ডিয়া যুথ গেইমছ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল।

দেশৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা হিচাপে চিহ্নিত হোৱা খেলো ইণ্ডিয়া য়ুথ গেইমছত দেশৰ ৩৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৬,৮০০ গৰাকী তৰুণ এথলীটে অংশ ল’ব।

আৰ্চাৰী, বাস্কেটবল, বেডমিণ্টন, বক্সিং, ফুটবল, জিমনাষ্টিক, হকী, জুডো, কাবাদী, খো-খো,শ্বুটিং, ছুইমিং, টেবল টেনিছ, লন টেনিছ, ভলীবল, ৱেট লিফটিং, ৰেচলিং আদিৰ দৰে প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ’ব।

Related News