NORTHEAST NOW (Assamese)

হাইলাকান্দিৰ নাবালিকাক বলাৎকাৰ কৰি হত্যাৰ ঘটনাৰ গোচৰ : অভিযুক্তক ফাঁচিৰ ৰায় আদালতৰ

October 4, 2018 5:54 pm · ৰাহুল চক্ৰৱৰ্তী
আদালতৰ বাহিৰত আৰক্ষীৰ মাজত অভিযুক্ত জছিম উদ্দিন বৰভূঞা। ফটো : নৰ্থইষ্ট নাও

ৰাজ্য জোকাৰি জোৱা হাইলাকান্দিৰ নাবালিকা হত্যা গোচৰত বৃহস্পতিবাৰে আদালয়ে ৰায় দান কৰে। হাইলাকান্দিৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদলতত বলাৎকাৰ আৰু হত্যাৰ অভিযোগত দোষী সাব্যস্ত কৰি অভিযুক্ত জছিম উদ্দিন বড়ভূঞাক মৃত্যুদণ্ড ৰায় ঘোষণা কৰা হৈছে।

চলিত বৰ্ষৰ ১৪ মাৰ্চত হাইলাকান্দিত সংঘটিত হোৱা এটা হত্যাকাণ্ডই হাইলাকান্দি জিলাৰ লগতে গোটেই ৰাজ্য জোকাৰি গৈছিল । ১৩ বছৰীয়া এটা কিশোৰীক বলাৎকাৰ কৰি হত্যা কৰাৰ ঘটনাই গোটেই ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

দক্ষিণ হাইলাকান্দিৰ জামিৰা থানাৰ বেতছড়া গাওঁত ঘৰত কোন নথকাৰ সুযোগত পাষণ্ড জছিম উদ্দিন বড়ভূঞাই ১৩ বছৰীয়া ৰিয়া কিশোৰী কিনিৰুং ৰিয়াংক বলাৎকাৰ কৰি হত্যা কৰিছিল। এই হত্যাকাণ্ডৰ পিছতে গোটেই বৰাক উপত্যকা ক্ষোভত ফাটি পৰিছিল। অভিযুক্তক ফাঁচিৰ দাবীত উত্তাল হৈ পৰিছিল হাইলাকান্দি।

ঘটনা সংঘটিত হোৱাৰ দুদিন পিছত অৰ্থাৎ ১৬ তাৰিখে অভিযুক্তক আৰক্ষীয়ে আটক কৰিছিল। ইয়াৰ পিছত জামিৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ছাব্বিৰ আলি, অতিৰিক্ত আৰক্ষী অধীক্ষক জগদীশ দাস আৰু উপ আৰক্ষী অধীক্ষক নয়নমনি বৰ্মনে আৰম্ভ কৰিছিল ঘটনাৰ তদন্ত। অভিযুক্তক লগতলৈ আৰক্ষীয়ে জছিম উদ্দিনৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছিল হত্যা কণ্ডত ব্যবহৃত দা। ইয়াৰ লগতে নাবালিকা গৰাকীয়ে পৰিধান কৰা কাপোৰো ফৰেনছিক লেবৰটৰিলৈ প্ৰেৰণ কৰা হৈছিল।

তদন্তৰ অন্তত যোৱা ১১ জুনত আৰক্ষীয়ে আদালতত চাৰ্জশ্বিট দাখিল কৰিছিল। ২৬ জুনৰ পৰা হাইলাকান্দিৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। যোৱা তিনি মাহ ধৰি আদালতে গ্ৰহণ কৰিছিল ২১ গৰাকী ব্যক্তিৰ সাক্ষ্য। ইয়াৰ মাজত আছে ৩ গৰাকী আৰক্ষী বিষয়া, ২ গৰাকী চিকিৎসক, আৰু ফৰেনচিক বিষয়া।

আনহাতে, এ পি এছ চি কাণ্ডত জৰিত এ চি এছ বিষয়া ধ্ৰুবজ্যতি চক্ৰৱৰ্তীৰ সাক্ষ্য ভিডিও কনফাৰেঞ্চৰ জৰিয়তে গ্ৰহণ কৰিছিল আদালতে। নাবালিকাৰ পৰিয়াল আৰু প্ৰতিবেশীৰো সাক্ষ্য গ্ৰহণ কৰা হৈছিল। নাবালিকাৰ ভগ্নী আৰু এগৰাকী প্ৰতিবেশী যুবতীয়ে তেওঁ লোকৰ উপৰত এই গৰাকী যুৱকে ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত কৰিছিল। ২‍১ গৰাকী সাক্ষীৰ মাজৰে মাত্ৰ ২ গৰাকী যুবকে অভিযুক্তৰ পক্ষত সাক্ষ্য দিছিল।
অৱশেষত হত্যাকাণ্ড সংঘটিত হোৱাৰ মাত্ৰ ৬ মাহ আৰু ২০ দিনৰ ভিতৰত তথা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ মাত্ৰ ৩ মাহ ৬ দিনত যোৱা ১ অক্টোবৰত হাইলাকান্দিৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে জছিম উদ্দিনক বলাৎকাৰ আৰু হত্যা গোচৰত দোষী সাব্যস্ত কৰিছিল।

আজি ন্যায়াধীশ দেবাশিষ ভট্টাচাৰ্য্যই অভিযুক্তক মৃত্যুদণ্ডেৰে দণ্ডিত কৰে। ভাৰতীয় দণ্ড বিধিৰ ৩৭৬ আৰু পছকো আইন ২০১২ৰ ৪ নম্বৰ ধাৰা মতে অভিযুক্তক দোষী সাৱ্যস্ত কৰা হৈছে আৰু আজীবন কাৰাদণ্ডৰ লগতে ১০ হাজাৰ টকা জৰিমনা অনাদায়ে আৰু ৩ মাহৰ কাৰাদণ্ডেৰে দণ্ডিত কৰিছে। আদালতে ৩০২ ধাৰাৰ অধীনত হত্যাৰ অভিযোগত ফাঁচিৰ শাস্তি ঘোষণা কৰিছে।

আজিৰ ৰায়ৰ পিছত নিৰ্যাতিতাৰ পৰিয়াল আৰু হাইলাকান্দিৰ সাধাৰণ ৰাইজে সন্তোষ ব্যক্ত কৰিছে।

Related News