NORTHEAST NOW (Assamese)
Popular Stories

আলিয়া ভাটৰ স’তে অভিনয় কৰিবলৈ মন ইমৰাণ হাছমিৰ, ‘বলিউড’ক লৈ বিষোদ্গাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 23, 2021 8:59 pm

শেহতীয়াকৈ এটা সাক্ষাৎকাৰত বলিউডৰ জনপ্ৰিয় অভিনেতা ইমৰাণ হাছমিয়ে চিনেমা উদ্যোগটোক লৈ নিজৰ মনোভাৱ পোষণ কৰিছে।

নিজকে বলিউডৰ জাকজমকতাৰ পৰা নিলগাই ৰখা অভিনেতাজনে কয় যে ই তেওঁ দীৰ্ঘদিনীয়া অভ্যাস। পাপ্পাৰাজীয়ে তেওঁৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰাটো তেওঁ নিবিচাৰে।

বলিউদক ‘ভুৱা’ বুলি অনুভৱ কৰা অভিনেতাজনে কয় যে- ‘‘মই ভাবো এজন মানুহৰ জীৱনটো তেওঁৰ জীৱিকাতকৈ বেছি গুৰুত্বপূৰ্ণ’’।

তদুপৰি মিডিয়াৰ আগত খুব কমকৈ কথা কোৱা ইমৰাণ হাছমীয়ে চেলিব্ৰেটীসকল ‘ডিপ্লমেটিক’ হ’ব লাগে বুলি মতপোষণ কৰে।

‘‘আমি অতি সহজ টাৰ্গেট, আমি ভাল বাতৰি হৈ পৰো’’। অভিনেতাজনে শেহতীয়াকৈ বলিউদকেন্দ্ৰীক ‘মিডিয়া ট্ৰায়েল’ক লৈ এইদৰে আক্ষেপ প্ৰকাশ কৰে।

ইয়াৰোপৰি আলিয়া ভাটৰ স’তে অভিনয় কৰিবলৈ মন ইমৰাণ হাছমিৰ। উল্লেখযোগ্য যে আলিয়া ভাটৰ স’তে ইমৰাণ হাছমিৰ পাৰিবাৰিক সম্পৰ্ক আছে।

‘‘মই তাইক লৈ গৰ্বিত, ইমান কম বয়সতে তাই পুৰঠ হৈ উঠিছে আৰু সঁচাকৈয়ে এগৰাকী শিল্পী হৈ পৰিছে।’’ অভিনেতাজনে কয়।

যোৱা বিশ বছৰীয়া কেৰিয়াৰত মাৰ্ডাৰ, গেংষ্টাৰ, জন্নতকে ধৰি কেইবাখনো চিনেমাৰে জনপ্ৰিয়তা অৰ্জন কৰা ইমৰাণ হাছমী বৰ্তমান মুম্বাই চাগা, সৱ ফাৰ্ষ্ট ক্লাছ, ফাদাৰছ ডে’কে ধৰি কেইবাখনো চিনেমাৰ কামত ব্যস্ত হৈ আছে।