NORTHEAST NOW (Assamese)

পিন্ধনত শাৰী-ব্লাউজ : মহিলাৰ চৰিত্ৰত অভিনয় কৰি বলীউড কঁপোৱা অভিনেতাসকল

September 26, 2023 5:55 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 26, 2023 5:13 pm

চিনেমাত অভিনেতা-অভিনেত্ৰীসকলে চিত্ৰনাট্যৰ বাবে প্ৰয়োজনীয় যিকোনো ভূমিকা পালন কৰিবলগীয়া হয়। কোনোৱে খলনায়কৰ চৰিত্ৰত আৰু কোনোৱে কমেডিয়ানৰ চৰিত্ৰত অভিনয় কৰে। কিন্তু চিত্ৰনাট্ঋ দাবী কৰা মতে মহিলা চৰিত্ৰত অভিনয় কৰা বলীউডৰ একাংশ অভিনেতাও আছে। এই তালিকাত কোন কোন আছে জানো আহক।

আয়ুস্মান খুৰানা : বলীউডৰ অন্যতম অভিনেতা হৈছে আয়ুস্মান খুৰানা। যিকোনো চৰিত্ৰতে তেওঁ অতি সাৱলীলভাৱে অভিনয় কৰিবলৈ সক্ষম। উদাহৰণস্বৰূপে, ‘ড্ৰিম গাৰ্ল ২’ত মহিলাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে। আয়ুস্মান খুৰানা, অনন্যা পাণ্ডে, পৰেশ ৰাৱাল, বিজয় ৰাজ, ৰাজপাল যাদৱ, অভিষেক বেনাৰ্জীয়ে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

শশী কাপুৰ :  পুৰুষ নায়কক নাৰী চৰিত্ৰ হিচাপে অভিনয় কৰাৰ ধাৰা বহুদিনৰ পৰা চলি আহিছে। উদাহৰণস্বৰূপে শশী কাপুৰৰ নাম এই তালিকাত আছে। তেওঁৰ অভিনীত ছবি ‘হাছিনা মান জেগী’ত মহিলা নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৬৮ চনত মুক্তি লাভ কৰিছিল ছবিখনে।

ঋষি কাপুৰ : ১৯৭৫ চনত মুক্তি পোৱা ‘ৰাফু চক্কৰ’ ছবিত মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল ঋষি কাপুৰে। ছবিখনৰ পৰিচালনা কৰিছিল নৰেন্দ্ৰ বেদীয়ে। ঋষি কাপুৰৰ উপৰিও ছবিখনত অভিনয় কৰিছিল নীতু সিঙে। 

আমিৰ খান : এই তালিকাত বলীউডৰ মিষ্টাৰ পাৰফেকচনিষ্টৰ নামো সন্নিবিষ্ট কৰা হৈছে। ১৯৯৫ চনত মুক্তি পোৱা ‘বাজী’ ছবিত মহিলা নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল আমিৰ খানে। সেই চৰিত্ৰটোৰ নাম আছিল মিছ জুলি চতুৰ্বেদী। অৱশ্যে এই ছবিখনত মমতা কুলকাৰ্ণীয়ে আমিৰৰ বিপৰীতে অভিনয় কৰিছিল। ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছিল আশুতোষ গোৱাৰিকাৰ।

কমল হাছান : দক্ষিণৰ অভিনেতা কমল হাছানে ‘চাচি ৪২০’ত মহিলাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকক আপ্লুত কৰিছিল। ১৯৯৭ চনত মুক্তি লাভ কৰা এই ছবিখনত কমলৰ উপৰিও টাবু, ওম পুৰী, অমৃশ পুৰী, আয়েশা ঝুলকা, পৰেশ ৰাৱাল, জনী ৱাকাৰ আদি অভিনেতাই অভিনয় কৰিছে।

ৰিতেশ দেশমুখ : ২০০৬ চনত মুক্তি লাভ কৰা ‘অপ্না স্বপ্না মণি মণি’। বহু তাৰকাই এই ছবিখনত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত আছিল ৰিতেশ দেশমুখ, সুনীল শ্বেট্টী, শ্ৰেয়াছ তালপাডে, জেকী শ্ৰফ, চাংকি পাণ্ডে, ৰাজপাল যাদৱ, ক’য়েনা মিত্ৰ, চেলিনা জেটলী, ৰিয়া সেন। অৱশ্যে এই ছবিখনত মহিলাৰ চৰিত্ৰত অভিনয় কৰি ৰিতেশে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

শ্ৰেয়াছ তালপাদে : ‘পেয়িং গেষ্টছ’ ছবিখনত মহিলাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল শ্ৰেয়াছ তালপাডেক। সুভাষ ঘাইৰ প্ৰযোজনাত এই ছবিখনে ২০০৯ চনত মুক্তি লাভ কৰে। ছবিখনত অভিনয় কৰিছিল শ্ৰেয়াছ তালপাডে, জাভেদ জাফ্ৰি, বাটছাল ছেঠ, আশীষ চৌধুৰী, চেলিনা জেটলী, ৰিয়া সেন আৰু নেহা ডুপিয়াই।

Related News