NORTHEAST NOW (Assamese)

বন্দে মাতৰমক লৈ কেন্দ্ৰৰ নতুন নিৰ্দেশনাক তীব্ৰ বিৰোধিতা অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল’ বোৰ্ডৰ

February 13, 2026 7:17 am · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া এক নিৰ্দেশনাক লৈ এতিয়া দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নতুন নিয়ম অনুসৰি এতিয়াৰে পৰা চৰকাৰী অনুষ্ঠান আৰু বিদ্যালয়সমূহত ৰাষ্ট্ৰীয় সংগীত জন গণ মন পৰিবেশন কৰাৰ পাছতে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম পৰিবেশন কৰাটো বাধ্যতামূলক কৰা হৈছে। এই নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে গানটো বাজি থকাৰ সময়ত উপস্থিত থকা সকলো লোকে থিয় হৈ ইয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগিব। ইয়াৰ উপৰিও পূৰ্বৰ দৰে কেৱল দুটা স্তৱক নহয় বৰঞ্চ গীতটোৰ সম্পূৰ্ণ ছটা স্তৱক পৰিবেশন কৰাৰ নিৰ্দেশ দিছে গৃহ মন্ত্ৰালয়ে। নাগৰিকসকলৰ মাজত দেশপ্ৰেম আৰু অনুশাসন বৃদ্ধিৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা বুলি চৰকাৰী পক্ষৰ পৰা জনোৱা হৈছে।

কেন্দ্ৰৰ এই নিৰ্দেশনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল’ বোৰ্ডে। তেওঁলোকে এই নিৰ্দেশনাক অসাংবিধানিক বুলি আখ্যা দিছে। বোৰ্ডৰ মতে চৰকাৰৰ এই সিদ্ধান্ত ধৰ্মীয় স্বাধীনতা আৰু ধৰ্মনিৰপেক্ষ মূল্যবোধৰ পৰিপন্থী। তেওঁলোকে এক বিবৃতিত উল্লেখ কৰিছে যে এই নিৰ্দেশনা উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে যোৱাৰ লগতে সংখ্যালঘুসকলৰ মৌলিক অধিকাৰো উলংঘা কৰিছে। মুছলিম ল’ বোৰ্ডৰ মতে বন্দে মাতৰম গীতটোত দেৱী দুৰ্গা আৰু অন্যান্য দেৱ-দেৱীৰ পূজাৰ উল্লেখ আছে যিটো ইছলামিক বিশ্বাসৰ সৈতে সংগতিপূৰ্ণ নহয় কাৰণ মুছলমানসকলে কেৱল এজন ঈশ্বৰ আল্লাকহে বিশ্বাস কৰে।

নিৰ্দেশনাটোত আৰু কোৱা হৈছে যে ৰাষ্ট্ৰপতি উপস্থিত থকা চৰকাৰী কাৰ্যসূচী বা পদ্ম বঁটাৰ দৰে সন্মান প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ আগমন আৰু প্ৰস্থানৰ সময়ত এই গীত পৰিবেশন কৰিব লাগিব। অৱশ্যে চিনেমা হলৰ দৰে স্থানত ইয়াক বাধ্যতামূলক কৰা হোৱা নাই। ইপিনে মুছলিম ল’ বোৰ্ডে কেন্দ্ৰীয় চৰকাৰক এই বিজ্ঞপ্তি তৎক্ষণাত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে। তেওঁলোকে সকীয়াই দিছে যে যদি চৰকাৰে এই নিৰ্দেশনা বাতিল নকৰে তেন্তে তেওঁলোকে ইয়াৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’ব। এই বিষয়টোক লৈ বৰ্তমান ৰাজনৈতিক আৰু ধৰ্মীয় মহলত ব্যাপক চৰ্চা চলিছে।

Related News