NORTHEAST NOW (Assamese)
অসম

মহাসতীৰ স্মৃতি বিজড়িত ফাকুৱা দ’লক চূড়ান্ত অৱহেলা কৰিছে পুৰাতত্ব বিভাগে : এনামুদ্দিন আহমেদ

Posted by: পাৰ্শ্বজ্যোতি গগৈ March 25, 2019 7:38 am
IMG-20190324-WA0001

‘’মহাসতী জয়মতীয়ে মহামানৱ মহাত্মা গান্ধীতকৈ প্ৰায় আঢ়ৈশ বছৰৰ পূৰ্বেই মৌন ব্ৰত ধাৰণ কৰি প্ৰতিবাদ কৰিছিল। দেশ আৰু জাতিৰ বাবে তেওঁ প্ৰাণত্যাগ কৰিছিল। কিন্তু ভাৰতীয় পূৰাতত্ব সৰ্বেক্ষণে মহাসতীৰ সোণৰ প্ৰতিমা থকা ফাকুৱা দ’ল(জয়মতী দ’ল) আজি পৰ্য্যন্ত সংৰক্ষণৰ বাবে বিশেষ কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক বিষয়।‘’ এই মন্তব্য কৰে বিশিষ্ট সাংবাদিক এনামুদ্দিন আহমেদে।

দেওবাৰে সমগ্ৰ অসমৰ লগতে শিৱসাগৰৰ বিভিন্ন অঞ্চলত মহাসতী জয়মতীৰ স্মৃতি দিৱস উদযাপন কৰা হয়। শিৱসাগৰৰ বেতবাৰী আৰু সিংহদুৱাৰ অঞ্চলৰ মাজত অৱস্থিত ভাধৰাত এক গাম্ভীয্যপূৰ্ণ পৰিৱেশত মহাসতী জয়মতীৰ স্মৃতি দিৱস পালন কৰা হয়।

উক্ত অনুষ্ঠানত বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকি সাংবাদিক এনামুদ্দিন আহমেদে কয়, ‘’মোগল সম্ৰাট ছাহজাহানে মমতাজৰ স্মৃতিত নিৰ্মাণ কৰোৱা তাজমহলৰ মাৰ্বলত পৰ্যটকৰ জোতাৰ পৰা দাগ লগাৰ আশংকা কৰি লাখ লাখ টকাৰ মূল্যৰ মেজাৰ যোগান ধৰা কেন্দ্ৰীয় চৰকাৰৰ পূৰাতত্ব বিভাগে কিন্তু অসমৰ বিভিন্ন প্ৰান্তত থকা ঐতিহাসিক সম্পদ সমুহৰ সংৰক্ষণ আৰু সৌন্দৰ্য্যবৰ্দ্ধনৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা পোৱা নাই।‘’

‘’দেশ আৰু জাতিৰ বাবে প্ৰাণ আহুতি দিয়া মহাসতী জয়মতীৰ স্মৃতি বিজড়িত ৰংপুৰৰ ফাকুৱা দ’ল(জয়মতী দ’ল)লৈ চকু ফুৰালে এই কথা স্পষ্ট হৈ পৰে। ভাৰতীয় পূৰাতত্ব সৰ্বেক্ষণৰ অধীনত থকা এই দ’লটোৰ প্ৰৱেশ পথটোৰেই জৰাজীৰ্ণ অৱস্থা। প্ৰৱেশ পথটো এতিয়া হাঁহ, গৰু, গাহৰিৰ বিচৰণৰস্থলীলৈ পৰিণত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ পূৰাতত্ব বিভাগটোৱে এই দ’লটোক চুডান্তভাৱে উপেক্ষা কৰি চলিছে,‘’-সাংবাদিক গৰাকীয়ে লগতে কয়।

তদুপৰি, আহমেদে কয় যে জয়মতীয়ে জীৱিত কালত যি দৰে চাওদাঙৰ অত্যচাৰৰ সন্মুখীন হৈছিল, জীৱন ত্যাগৰ পিছতো বেদখলকাৰীৰ কবলৰ পৰা পৰিত্ৰাণ পোৱা নাই। সংবাদিক গৰাকীয়ে ফাকুৱা দ’ল সংৰক্ষণৰ বাবে জনমত গঠনৰো আহ্বান জনায়।

অনুষ্ঠানত মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট বুৰঞ্জীবিদ তথা সংগ্ৰামী নেতা জীতেন বৰপাত্ৰগোহাঁইয়ে কয় যে, আহোম যুগত মহিলাসকল কৃষিৰ পৰা ৰাজনীতিলৈকে, যুদ্ধৰ পৰা শিল্পলৈকে সকলো দিশত পাকৈত আছিল।

আজিৰ যুগত মহিলাসকল পৰ্দাৰ ভিতৰত আবদ্ধ হৈ থাকিলে নহব বুলি মন্তব্য কৰি বুৰঞ্জীবিদ জনে লগতে কয় যে মুলাগাভৰুৱে হাতীত উঠি যুদ্ধ কৰিছিল। মহাসতী জয়মতীয়ে অত্যচাৰ সহ্য কৰি দেশৰ বাবে প্ৰাণ ত্যাগ কৰিছিল। এনে পৰিস্থিতিত অসমৰ মহিলাই কৰ্ম সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিব।

অনুষ্ঠানত আলোচক তথা বিশিষ্ট লেখিকা মিতালী শইকীয়া, সংগ্ৰামী নেতা টুটুমণি গগৈ, অনিল গগৈ গহীন দুৱৰী, তপন বুঢ়াগোঁহাই, শশী লাহন, অভিঁজিত বৰপাত্ৰগোঁহাই, বীণা গগৈ, সংগীতা হালৈ, পূৰ্ণীমা দুৱৰী, কৃষ্ণা চেতিয়া, নিকুঞ্জ বুঢ়াগোঁহাই,  ইন্দ্ৰজিত গগৈকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।