NORTHEAST NOW (Assamese)

পৰিসৰ বৃদ্ধি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ, কিমান বাঢ়িল কাজিৰঙাৰ আয়তন

November 10, 2021 10:30 am · এন ই নাও নিউজ,গুৱাহাটী
Updated: November 10, 2021 10:31 am

এশিঙীয়া গঁড়ৰ বাবে জগত বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি কৰা হ’ল।

সেই মৰ্মে বিশ্বনাথৰ মোনাবাৰীৰ ৪৫২ হেক্টৰ বনভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অন্তৰ্ভূক্ত কৰা হ’ল।

অসম চৰকাৰৰ বন বিভাগৰ সামাজিক বনানীকৰণ বিভাগে কাজিৰঙাৰ এই সম্প্ৰসাৰণৰ দিহা কৰিছে।

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি সম্পৰ্কীয় এক নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ কৰিছে।

কাজিৰঙাৰ দশম সংযোজনৰ অন্তৰ্ভূক্ত এই অঞ্চলটো ৰাষ্ট্ৰীয় উদ্যান খনৰ বন্যপ্ৰাণীয়ে কৰিডৰ হিচাবে ব্যৱহাৰ কৰি আহিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দশম সংযোজনৰ অন্তৰ্ভূক্ত হোৱাত অঞ্চলটোৰ সংৰক্ষণ তথা বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰিব পৰা যাব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য ব্যাপক বেদখলৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি ভাবুকি আহি পৰিছে। ইয়াৰ পূৰ্বে

ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়া 42944/2019 on WP(C)202/1995 নম্বৰৰ নিৰ্দেশনাৰ উদ্ধৃতিৰে বোকাখাতৰ মহকুমা দণ্ডাধীশে বোকাখাত মহকুমাৰ অধীনত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গুৰুত্বপুৰ্ণ দুটা এনিমেল কৰিডৰ বা বুলনিত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছিল ৷

ভাৰতীয় দণ্ডাবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত বোকাখাত মহকুমা দণ্ডাধীশ ডাঃ নেহা যাদৱে জাৰি কৰা এই নিষেধাজ্ঞা অনুসৰি মহকুমাটোৰ অধীনৰ ৩৭ নং ৰাষ্ট্ৰীয় পথত থকা কাজিৰঙাৰ পানবাৰী আৰু হালধীবাৰী এনিমেল কৰিডৰ এলেকাত কোনোধৰণৰ নতুন নিৰ্মাণ কাৰ্য কৰিব নোৱাৰিব ৷

নিৰ্দেশানুসৰি এনিমেল কৰিডৰ এলেকাত থকা ধাবা বা ৰেষ্টুৰেন্টৰ উপৰিও সমগ্ৰ কৰিডৰ এলেকাত কোনো যান-বাহন ৰখা কাৰ্যক কঠোৰভাৱে নিষেধ কৰা হৈছিল ৷কাজিৰঙাৰ পৰিসৰ বৃদ্ধিৰ খবৰে উৎসাহিত কৰি তুলিছে ৰাজ্যৰ বন্যপ্ৰাণীপ্ৰেমীসকলক।

Related News